ASSAM TIMES POST
ৰঙাপৰাঃ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনৰ তীৰ্থ ৰঙাপৰা। সমগ্র বিশ্বতে খ্রীষ্টীয়ান ধৰ্মালম্বী ৰাইজে কালি মাজনিশাৰ পৰা বৰদিন উপলক্ষ্যে প্রভু যীচুৰ আৰাধনা কৰিছে। তেনে প্রেক্ষাপ্রটত কালি বিয়লি পাঁচ বজাত ৰঙাপৰা আৰক্ষী থানা চৌহদৰ পৰা অঞ্চলটোৰ বিভিন্ন বিদ্যালয় সমুহৰ ছাত্ৰ-ছাত্ৰী ৰাইজ তথা আৰক্ষীয়ে বৰ্তমান সমজ ব্যৱস্থাত সকলোলৈকে শান্তি, সম্প্রিতি, একতাৰ এনাজৰীডাল অধিক কটকটীয়া কৰাৰ লক্ষ্যৰে তথা বৰদিনৰ সৈতে সংগতি ৰাখি থানা চৌহদৰ পৰা এক শোভাযাত্ৰা উলিয়ায়৷
নগৰৰ বিভিন্ন প্রান্তত ছাত্ৰ-ছাত্ৰী সকলে শোভাযাত্ৰা কৰাৰ সময়ত হাতে হাতে বেনাৰ ফেষ্টুনত অহিংসাই পৰম ধৰ্ম, আমি এক ঈশ্বৰৰ সন্তান, দয়া মমতা মানব জীৱনৰ অমুল্য সম্পদ, পবিত্ৰ মনে মানুহৰ জীৱনলৈ শান্তি আনে, আদি লিখাৰে নগৰ পৰিক্ৰমা কৰে৷ শোভাযাত্ৰাৰ সময়ত প্রভু যীচুৰ বন্দনা কেৰল গীত বজোৱাত উৎসৱমুখৰ পৰিবেশ সৃষ্টি হোৱাৰ উপৰিও দুগৰাকী চান্টাক্লছে নগৰৰ কণ-কণ ল’ৰা-ছোৱালীৰ মাজত মিঠাই বিতৰন কৰি আনন্দ উল্লাস কৰে৷
শোভাযাত্ৰাৰ অন্তত সকলোৱে ৰঙাপৰা ৰ্গীজা ঘৰত সমুহীয়া ভাবে উপস্থিত হয় আৰু উক্ত অনুষ্ঠানত ফাদাৰ সুশীল জনচন চৰেং আৰু ৰঙাপৰা আৰক্ষী থানাৰ ভাৰাপ্রাপ্ত আৰক্ষী বিষৱা বুধিন পেগুৱে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য উল্লেখ কৰে যে মিলা প্রিতি মৰম স্নেহে সমাজ এখন সুস্থ, প্রগতিৰ দিশত আগুৱাই নিয়ে সেয়েহে এই পবিত্ৰ দিনত সকলোৰে মংগল হোৱাৰ বাবে প্রভু যীচুৰ ওচৰত আমি প্রাৰ্থনা জনাইছো৷ ইপিনে সদা ব্যাস্ত থকা আৰক্ষীয়ে ৰাইজৰ সহযোগত এনেধৰনৰ সমাজৰ গঠনমুলক কামত আগবাঢ়ি অহাত প্রত্যক্ষদৰ্শী সকলে আৰক্ষীৰ পদক্ষেপক প্রসংশা কৰে৷













