ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চিবিএছইৰ অন্তৰ্গত গোলাঘাটৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান শ্ৰী সত্য সাই বিদ্যা বিহাৰ বিদ্যালয়ৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি দিনযোৰা বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয়। সাম্প্ৰতিক অসমৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু লগতে বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সঞ্চালক অপূৰ্ব বৰগোহাঁইৰ কেইমাহমানৰ পূৰ্বে হোৱা মৃত্যুৰ বাবে আজি বিদ্যালয়খনৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস অনাড়ম্বৰপূৰ্ণভাৱে পালন কৰা হয়।

ঔংকাৰ ধ্বনি আৰু ডাঃ গিৰিধৰ ফুকনৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা কাৰ্যসূচীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু ছাত্ৰ- ছাত্ৰীসকলৰ দ্বাৰা বেদ মন্ত্ৰোচ্চাৰণ কৰা হয় আৰু বিদ্যালয় গীত পৰিৱেশন কৰা হয়। ইয়াৰ পাছতে এখন মুকলি সভা অনুষ্ঠিত কৰা হয়। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডাঃ গিৰিধৰ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শ্ৰী সত্য সাই বিদ্যা বিহাৰ বিদ্যালয়ৰ অধ্যক্ষ সুভাশীষ ৰাজখোৱা, বিপুল ৰাজকুমাৰ, সুব্ৰত কৰ, চন্দ্ৰকান্ত বৰুৱা, জ্যোতি প্ৰসাদ লাডিয়া, ডঃ অজিত সিনহা, তৃপ্তি গোস্বামী প্ৰমুখ্যে কেইবাজনো গণ্য মান্য ব্যক্তি। সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে অধ্যক্ষ সুভাশীষ ৰাজখোৱাই। উক্ত সভাতে বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন কৰা হয়।

অনুষ্ঠানত প্ৰণৱ বৰগোহাঁই স্মৃতি ন্যাসৰ বঁটা সিদ্ধাৰ্থ কৌশিক শইকীয়াক, সদানন্দ গগৈ স্মৃতি ন্যাসৰ বঁটা প্ৰিয়াংগনা বুঢ়াগোহাঁঁইক, দুৰ্গা ফুকন স্মৃতি ন্যাসৰ বঁটা জাগৃতি শইকীয়াক প্ৰদান কৰা হয়। অনুষ্ঠানৰ আঁত ধৰে ৰসপাল কৌৰে। ইয়াৰ পিচতে ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়, য’ত কণ কণ ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া ভাষা-সংস্কৃতিৰ সৈতে জড়িত বিভিন্ন নৃত্য-গীত পৰিৱেশন কৰাৰ লগতে আজি পৱিত্ৰ বৰদিনৰ লগত সংগতি ৰাখি বৰদিনৰ নৃত্য গীতো পৰিবেশন কৰে। ইয়াৰ উপৰিও বিদ্যালয়খনৰ চাৰিগৰাকী ছাত্ৰীয়ে সাম্প্ৰতিক অসমৰ পৰিস্থিতিৰ সৈতে খাপ খাই পৰা তথা জাতীয় বৈপ্লৱিক চেতনাক উদ্বুদ্ধ কৰি তুলিব পৰা কেইবাটাও সুন্দৰ কবিতা আবৃত্তি কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।













