ASSAM TIMES POST
নিউজ ডেস্ক
সংশোধিত নাগৰিকত্ব আইনক লৈ প্ৰতিবাদৰ নামত দেশজুৰি যিসকলে হিংসা আৰু অগ্নিসংযোগৰ ঘটনাসমূহত নেতৃত্ব দিছে তেওঁলোকক কঠোৰ সমালোচনা কৰিছে ভাৰতীয় সেনাৰ প্ৰধান জেনেৰেল বিপিন ৰাৱাটে৷ তেওঁ কয়, “যিসকলে হিংসা আৰু অগ্নিসংযোগৰ ঘটনাত নেতৃত্ব দিছে, তেওঁলোক কোনো কাৰণতে নেতা হ’ব নোৱাৰে৷”
বৃহস্পতিবাৰে দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত সেনাপ্ৰধানগৰাকীয়ে কয়, “নেতৃত্ব মানে হ’ল সকলোতে সন্মুখত থাকি আগুৱাই লৈ যোৱা৷ আনহাতে, নেতৃত্ব বিষয়টো কিছু জটিলো৷ সকলোকে কি নেতৃত্ব দিয়া উচিত? কোনটো সঠিক? নেতৃত্ব দিয়া কামটো অতি কঠিন৷ কাৰণ কোনোৱে নেতৃত্ব দিলে তাক অনুসৰণ কৰে অনেকে৷ নেতৃত্ব দিয়াটোক খুব সহজ বুলি ভাবিব নোৱাৰি৷”
মেজৰ ৰাৱাটে লগতে কয়, “আমি দেখিছোঁ, বিভিন্ন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অগণন লোকক ভুল পথে টানি নিছে৷ সেই নেতৃত্বত কিছু ভুল ৰৈ গৈছে৷ ইয়াক নেতৃত্ব দিয়া বুলি ক’ব নোৱাৰি৷”













