ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত অহা ৮ জানুৱাৰীত দেশজুৰি আহ্বান জনোৱা হৈছে সাধাৰণ ধৰ্মঘটৰ৷ এই ধৰ্মঘটৰ প্ৰতি সমৰ্থন আগবঢ়াইছে অসমৰ মটৰ শ্ৰমিক যৌথ মঞ্চই৷ সেইদিনা ২৪ ঘণ্টীয়া চকাবন্ধ এই ধৰ্মঘট কাৰ্যসূচীলৈ সমৰ্থন জনাব বুলি জনাইছে যৌথ মঞ্চৰ তৰফৰ পৰা৷













