ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Fancy bazar Wholesale Market I ইতিহাসৰ পৃষ্ঠাত আবদ্ধ হ’ব নেকি ফাঁচীবজাৰৰ ব্যৱসায়িক সৌন্দৰ্য ?

আজিজুৰ ৰহমান :

ASSAM TIMES POST by ASSAM TIMES POST
November 27, 2023
Reading Time: 1 min read
A A
0
Fancy bazar Wholesale Market I ইতিহাসৰ পৃষ্ঠাত আবদ্ধ হ’ব নেকি ফাঁচীবজাৰৰ ব্যৱসায়িক সৌন্দৰ্য ?

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

ফাঁচীবজাৰ-(Fancy bazar) কেৱল গুৱাহাটীয়েই নহয়, সমগ্ৰ অসমৰ ব্যৱসায়িক হৃদপিণ্ড । অসম বুলি ক’লেও হয়তো ভুল কোৱা হ’ব, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰেই ব্যৱসায়িক কেন্দ্ৰ এই ফাঁচীবজাৰ । ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত শতিকা গৰকা ৰাজ্যৰ অন্যতম ব্যৱসায়িক প্ৰাণকেন্দ্ৰ ফাঁচীবজাৰ এতিয়া ইতিহাসৰ পৃষ্ঠাত আবদ্ধ হ’বলৈ আগবাঢ়িছে । কিয়নো অচিৰেই এই ঐতিহাসিক ফাঁচীবজাৰৰ আমোদজনক ব্যৱসায় এতিয়া স্থানান্তৰ হোৱাৰ দিশে ।

ইতিহাসৰ পৃষ্ঠাত আবদ্ধ হ'ব নেকি ফাঁচীবজাৰৰ ব্যৱসায়িক সৌন্দৰ্য ?

শেহতীয়াকৈ জিএমডিএয়ে ফাঁচীবজাৰৰ পাইকাৰী বজাৰ উত্তৰ গুৱাহাটীলৈ স্থানান্তৰ কৰিব ওলোৱা বুলি বাতৰি প্ৰকাশ পাইছে । মহানগৰীৰ ক্ৰমবৰ্ধমান জনসংখ্যা আৰু যান-বাহনৰ ভিৰৰ অজুহাতত এইখন ঐতিহাসিক বজাৰ এতিয়া উত্তৰ গুৱাহাটী নতুবা চাংসাৰিলৈ স্থানান্তৰৰ বাবে সাজু হৈছে গুৱাহাটী মহানগৰ কৰ্তৃপক্ষ ।কাৰণ হিচাপে দেখুওৱা হৈছে যান-জঁটৰ সমস্যা ।

ইখনৰ পিছত সিখনকৈ উৰণ সেতু নিৰ্মাণ কৰিও গুৱাহাটী মহানগৰীৰ যান-জঁটৰ সমস্যা লাঘৱ কৰিব পৰা নাই ৰাজ্য চৰকাৰৰ তথা গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই । তেনে ক্ষেত্ৰত এইবাৰ এখন প্ৰতিষ্ঠিত ব্যৱসায়িক ক্ষেত্ৰকেই স্থানান্তৰৰ যো-জা চলাইছে । ইয়াৰ বাবে জিএমডিএ কৰ্তৃপক্ষই মাষ্টাৰ প্লেন যুগুত কৰা বুলিও জানিব পৰা গৈছে ।

ভৰলু-উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলং নিৰ্মাণৰ বাবে অঞ্চলটোত হোৱা যান-জঁটৰ সমস্যা সমাধান কৰিবলৈয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলিও জানিব পৰা গৈছে । এই ক্ষেত্ৰত অৱশ্যে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা প্ৰত্যক্ষভাৱে কোনো মন্তব্য লাভ কৰা হোৱা নাই । কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশ বা সন্মতি অবিহনে যে এনে এটা ডাঙৰ সিদ্ধান্তলৈ আগবাঢ়িব পৰা নাযায় সেইটোও সকলোৰে জ্ঞাত ।

লগতে মুখ্যমন্ত্ৰীৰ সমষ্টিলৈ ফাঁচীবজাৰৰ পাইকাৰী ব্যৱসায় স্থানান্তৰৰ বিষয়টোত একাংশই ৰহস্যৰ গোন্ধ পাইছে । ইতিমধ্যে গুৱাহাটী মহানগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহলে এই পৰিকল্পনাৰ কথা অকপটে স্বীকাৰো কৰিছে । তেনে ক্ষেত্ৰত ঐতিহ্যমণ্ডিত ফাঁচীবজাৰৰ পৰা পাইকাৰী ব্যৱসায় উত্তৰ গুৱাহাটীলৈ যে স্থানান্তৰ হ’বলৈ আগবাঢ়িছে সেইটো সহজেই অনুমেয় ।

ttd 1523701510m1 | ASSAM TIMES POSTকিন্তু কেৱল যান-জঁটৰ সমস্যাৰ বাবেই ফাঁচীবজাৰৰ শতিকা পুৰণি পাইকাৰী ব্যৱসায় স্থানান্তৰ হ’বনে ? এই ক্ষেত্ৰত অৱশ্যে মহানগৰ কৰ্তৃপক্ষই কেইটামান যুক্তি দাঙি ধৰিছে । সেইকেইটাৰ আংশিক সত্যতাও নথকা নহয় । প্ৰথম যুক্তি হৈছে ফাঁচীবজাৰৰ বহু অট্টালিকা যথেষ্ট পুৰণি । সেইবোৰৰ আয়ুসকাল কেতিয়াবাই অন্ত পৰিছে । সেয়ে যিকোনে ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্বে উক্ত অট্টালিকাবোৰ মেৰামতি বা নতুনকৈ নিৰ্মাণৰ প্ৰয়োজন ।

আনহাতে, বৰ্তমান ক্ৰমবৰ্ধিত গ্ৰাহকৰ বাবে ফাঁচীবজাৰত পাৰ্কিঙকে ধৰি সামগ্ৰী উঠা-নমোৱা কৰা গাড়ী আদিৰ বাবে স্থানৰ অভাৱ হৈছে । ক্ৰেতা-বিক্ৰেতাৰ অত্যধিক আগমনৰ বাবে ঠাইখন যথেষ্ট সংকীৰ্ণ হৈ পৰিছে । সেয়ে তীব্ৰ যান-জঁটৰ সমস্যাই দেখা দিছে । ইয়াৰ উপৰি দুৰ্ঘটনাজনিত কাৰণৰ বাবে সুৰক্ষা ব্যৱস্থাও পৰ্যাপ্ত পৰিমাণে নাই । যাৰ বাবে জিএমডিএয়ে বজাৰখন স্থানান্তৰৰ পৰিকল্পনা গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে ।

কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে আৰু মাত্ৰ এটামান বছৰৰ পিছতে ভৰলু-উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰৰ দলংখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব । কিন্তু ইমান ব্যয়বহুল এখন দলং নিৰ্মাণৰ পিছত দলংখনেৰে যাতায়াত কিমান হ’ব তাকলৈও প্ৰশ্নৰ উত্থাপন হৈছে । সেয়ে ফাঁচীবজাৰৰ পাইকাৰী ব্যৱসায় উত্তৰ গুৱাহাটী বা চাংসাৰিলৈ স্থানান্তৰ কৰিলে বৃদ্ধি পাব দলংখনেৰে যাতায়াত । ইয়াৰ দ্বাৰা চৰকাৰৰো ৰাজহ সংগ্ৰহ বৃদ্ধি হ’ব । কিয়নো দলংখনেৰে যাতায়াত কৰিলে ভৰিব লাগিব টোল ।

কিন্তু ইমানৰ মাজতো এটা কথা উত্থাপন হৈছে যে ফাঁচীবজাৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ীসকলে এই সিদ্ধান্ত কেনেদৰে গ্ৰহণ কৰিব । তেওঁলোকৰ প্ৰতিষ্ঠিত ব্যৱসায়িক স্থান এৰি অন্য স্থানলৈ যাবনে ? নে ইয়াৰ আঁৰত আন কিবা অভিসন্ধি আছে চৰকাৰৰ ? এই মুহূৰ্তত সকলোৰে মাজত এই বিষয়টোৱেই চৰ্চিত হৈ আছে । অৱশ্যে পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব এই পৰিকল্পনা কিমান দূৰ কাৰ্যকৰী হ’ব ।

Tags: ইতিহাসৰ পৃষ্ঠাত আবদ্ধ হ'ব নেকি ফাঁচীবজাৰৰব্যৱসায়িক সৌন্দৰ্য ?
Share4Tweet3Send

Related Posts

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
ADVERTISEMENT
E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই
National-International

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026
50
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

July 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx