ASSAM TIMES POST
নিউজ ডেক্সঃ ভাৰতত থকা বাংলাদেশী অনুপ্ৰৱেশকাৰীক ঘুৰাই নিব বাংলাদেশে৷ এই কথা জনালে বাংলাদেশৰ বৈদেশিক মন্ত্ৰী আব্দুল মোমেনে৷ মন্ত্ৰীজনে জনায় যে ভাৰতত কোনো বাংলাদেশী নাগৰিক থাকিলে ঘুৰাই নিয়া হ’ব৷ নাগৰিকত্ব সংশোধনী আইনক লৈ দেশৰ বিভিন্ন ঠাই আজিও উত্তাল হৈ আছে৷
অনুপ্ৰৱেশকৰীক কি দৰে ভাৰত চৰকাৰে ঘুৰাই পঠাব৷ ইয়াকে লৈ প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ পূৰ্বে ঢাকাই জনাইছিল যে ভাৰতত অবৈধভাৱে বসবাস কৰা নাগৰিকসকল বাংলাদেশী নহয়৷
বাংলাদেশৰ বৈদেশিক মন্ত্ৰীয়ে জনাই যে নতুন দিল্লীক আশ্বস্ত কৰা হৈছে৷ জোৰ কৰি কোনো লোককে বাংলাদেশলৈ পঠাব নালাগে৷ যথাযথ প্ৰক্ৰিয়াৰে তেওঁলোকক গ্ৰহণ কৰা হ’ব৷













