ASSAM TIMES POST
ৰঙাপৰাঃ বুধবাৰে নিশা শোণিতপুৰ জিলাৰ ৰঙাপৰা আৰক্ষী থানাত এগৰাকী আৰক্ষী বিষয়া চাকৰিৰ পৰা অৱসৰ লোৱাত এক বিদায় সভা অনুষ্ঠিত হয়। উপ-আৰক্ষী পৰিৰ্দশক বিষয়া তোষেশ্বৰ বৰুৱাৰ আগন্তুক ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰিব তাৰ বাবে তেওঁক বিদায় সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷
ৰঙাপৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বুধিন পেগুয়ে আঁত ধৰা অনুষ্ঠানটিত উপ-পৰিদৰ্শক দিলীপ বৰা, ৰঙাপৰা প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক চাহিন আহমেদ, ছাজাহান ছেলিম কুৰেছিৰ লগতে আৰক্ষী থানাৰ সমুহ বিষয়া আৰু কৰ্মচাৰী উপস্থিত আছিল।যোৰহাট জিলাৰ টিয়ক অঞ্চলৰ মিঠাখাট গাওঁৰ তোষেশ্বৰ বৰুৱাই ১৯৮৪ চনত অসম আৰক্ষীত কনিষ্টবল হিচাপে কৰ্মজীৱনৰ পাতনি মেলি সুদীৰ্ঘ ৩৫ বছৰ চাকৰি কৰি অৱসৰৰ পূৰ্বে উপ-পৰিদৰ্শক লৈকে পদোন্নতি হয়।
ৰঙাপৰা আৰক্ষী থানাৰ ভাৰপাপ্ত বিষয়া বুধিন পেগুয়ে তোষেশ্বৰ বৰুৱাৰ সুদীৰ্ঘ কৰ্মজীৱনৰ ভূয়সী প্ৰসংশা কৰে। ৰঙাপৰা প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক সাংবাদিক চাহিন আহমেদে পুলিচ আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰে। তেওঁ তোষেশ্বৰ বৰুৱাক তেওঁৰ কৰ্মজীৱনৰ সমল কৃতিত্বৰ ওপৰত কিতাপ লিখিবলৈ আহ্বান জনায়।
সভাত তোষেশ্বৰ বৰুৱাই নিজৰ কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰিবলৈ গৈ আবেগিক হৈ পৰে। তেওঁ কৰ্মজীৱনত ড্ৰাগছৰ সৈতে বহু অভিজ্ঞতা আছে আৰু সেই অভিজ্ঞতা তেওঁ কোনোবাই বিচাৰিলে সহায় কৰিবলৈ প্ৰস্তুত আছে বুলি কয়। সভাত বক্তা সকলে তোষেশ্বৰ বৰুৱাৰ দীৰ্ঘায়ু কামনা কৰাৰ লগতে সমাজৰ সেৱা আগবঢ়াই জীৱনটো জীপাল কৰি ৰাখিবলৈ আহ্বান জনায়। সভাত তোষেশ্বৰ বৰুৱাক এখন শৰাই, মানপত্ৰ আৰু গামোচাৰে সম্ভৰ্ধনা জনোৱা হয়।













