ASSAM TIMES POST
ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত আজি দিনযোৰা কাৰ্যসূচীৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।
১ নং নাহৰনী গ্ৰান্টস্থিত গোৰ্খা ছাত্র সন্থাৰ কাৰ্যালয় প্ৰাঙ্গণত পুৱা ৯ বজাত পতাকা উত্তোলন কৰা হয়। ৯.৩০ বজাত শ্বহীদ তৰ্পন আৰু বৃক্ষ ৰোপণ কৰা হয়। ১১ বজাৰ পৰা অনুষ্ঠিত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ৰঙাপৰা আঞ্চলিক সমিতিৰ সম্পাদক সঞ্জয় লিম্বুয়ে আঁত ধৰা সভাত সভাপতিত্ব কৰে গোৰ্খা ছাত্ৰ সন্থা ৰঙাপৰা আঞ্চলিক সমিতিৰ সভাপতি মুক্তিনাথ চুব্বাই।
সভাত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থা ৰঙাপৰা আঞ্চলিক সমিতিৰ সম্পাদক অবিনাশ বৰাই বানপানী, নিবনুৱা সমস্যা আৰু বিভিন্ন সমস্যাৰে জৰ্জৰিত অসম খনত কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে আৰু এটা সমস্যা জাপি দিয়া বুলি অভিযোগA

আগন্তুক ২৯ ডিচেম্বৰ দিনা ৰঙাপৰা আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজিত ‘কা’ বিৰোধী সভাত অংশ গ্ৰহণ কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায়। সভাত অংশ গ্ৰহণ কৰি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৰঙাপৰা উপ শাখাৰ সভাপতি চাকিৰাম তাতীয়ে কয় যে, ছাত্ৰ সন্থা এটা জাতিৰ জাতি গঠনত সম্পূৰ্ণ দায়িত্ব থাকে। ছাত্র সন্থাৰ মুখ্য উদ্দেশ্য সমাজ খনক আগুৱাই লৈ যোৱা তথা ভাষা, সংস্কৃতি বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা।
সভাত সোনাজুলী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক বদন ছেত্ৰীয়ে কয় যে বিদেশী সমস্যাৰ সমাধান আজিলৈকে হোৱা নাই আৰু অধিক জটিল হৈ পৰিছে বুলি তেওঁ আক্ষেপ কৰে। ১৯৫১ চনৰ লিগেচি ডাটা থকা আৰু ১৯৬২ চনত নিজে জন্ম গ্ৰহণ কৰা স্বত্বেও প্ৰথম অৱস্থাত এন আৰ চিত তেওঁৰ নাম অহা নাছিল বুলি আক্ষেপ কৰে।
বিদেশী সমস্যা সমাধানত ছাত্র সংগঠন বোৰৰ বহুখিনি কৰিবলগীয়া আছে বুলি তেওঁ কয়। এন আৰ চি বাবে ভুগা কষ্টৰ কথা কৈ তেওঁ আবেগিক হৈ পৰে। তেওঁ স্ব-ৰচিত নেপালী ভাষাৰ গীত পৰিবেশন কৰে। সভাত বক্তা সকলে নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ বিৰুধিতা কৰাৰ লগতে ৰাইজক এই আইনৰ বিৰুদ্ধে সজাগ হবলৈ আহ্বান জনায়।













