ASSAM TIMES POST
নগাঁওঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি নগাঁৱৰ বাইপাচ পথৰ বৰঘাটত সহশ্ৰাধিক লোকে প্ৰতিবাদ সাৱ্যস্ত কৰে ।
নগাঁও চহৰৰ পাশ্বৱৰ্তী মৰিকলং, বৰঘাট, জুৰীয়া, শিয়ালেখোৱা, ৰনথলী, দেওধৰ, পাথৰি, বেঙেনাআটি আদি অঞ্চলৰ সহশ্ৰাধিক ৰাইজ ৰাজপথলৈ ওলাই আহি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
আন্তঃপাথৰি আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ আঞ্চলিক সমিতি, মৰিকলং শাখা সাহিত্য সভা, মৰিকলং বাৰগঞা সমাজৰ উদ্যোগত আজি ৩৭ নং আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথ সংযোগী বৰঘাট বাইপাছ চ’কত সহস্ৰাধিক লোকে অৱস্হান কৰি ‘কা’ৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ কৰে।
‘কা’ আমি নামানো, ‘কা’ বাতিল হ’বই লাগিব, অসমীয়া ৰাইজ জাগিছে জাগিবই, সৰ্বানন্দ সোনোৱাল হুচিয়াৰ, অতুল বৰা মূৰ্দাবাদ, কেশৱ মহন্ত মূৰ্দাবাদ আদি বিভিন্ন শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি শিক্ষাবিদ বুদ্ধেশ্বৰ বৰাই কয় যে ‘কা’ আইনে অসমীয়াৰ জাতীয় পৰিচয় আৰু অসমীয়া ভাষা-সংস্কৃতি বিপন্ন কৰি তুলিব। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অসম বিৰোধী স্থিতিক আমি ঐক্যবদ্ধ ভাবে প্ৰতিহত কৰিব লাগিব। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দীপমনি বৰাই কয় যে ‘কা’ বিৰোধী আন্দোলন মূষিমুৰ কৰিবলৈ ৰাজ্য চৰকাৰে দমন আৰু প্ৰলোভনৰ ৰাজনীতি আৰম্ভ কৰিছে।
চৰকাৰৰ অংশীদাৰী দলৰ নেতা- কৰ্মীয়ে ‘কা’ বিৰোধী আন্দোলনত জড়িত লোকৰ ঘৰে ঘৰে গৈ প্ৰলোভন দিয়াৰ লগতে ভয়-ভাবুকিও প্ৰদান কৰিছে। ৰাইজক চৰকাৰৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে সাবধান হৈ থাকিবলৈ আহ্বান জনাই তেওঁ আৰু কয় যে ‘কা’ৰ বিৰুদ্ধে ৰাইজে ঐক্যবদ্ধ সংগ্ৰাম অব্যাহত ৰাখিব লাগিব। নগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অমৰজ্যোতি ফুকনে কয় যে চৰকাৰে যিমানেই দমন নীতি নচলাওক কিয়, আমাৰ আন্দোলন মূষিমুৰ কৰিব নোৱাৰে। ‘কা’ বাতিল নোহোৱা পৰ্যন্ত আমাৰ আন্দোলন চলি থাকিব। জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমনি নাথে প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি কয়- “অসমীয়া ভাষা-সংস্কৃতি বিপন্ন কৰিব বিচৰা ‘কা’ আমি কোনো কাৰণতে নামানো, ‘কা’ বাতিল হ’বই লাগিব।”
প্ৰাক্তন ছাত্ৰ নেতা ইন্দ্ৰজিৎ কলিতাই আঁত ধৰা সভাত মৰিকলং শাখা সাহিত্য সভাৰ সম্পাদক জিতেন শৰ্মা, বিশিষ্ট নাগৰিক ৰসেশ্বৰ বৰুৱা, জীপেন বৰা, উমা কলিতা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য, সাংবাদিক শৈলেন শইকীয়া, মুনীন্দ্ৰ শইকীয়া, শিল্পী দিব্যজ্যোতি শইকীয়া, জাতীয়তাবাদী যুৱ পৰিষদৰ ভবেন বৰা, বুদ্ধেশ্বেৰ দাস, আশীষ আহমেদ আদিয়ে কা’ৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তুলিবলৈ আহবান জনায়।













