ASSAM TIMES POST
নগাঁওঃ নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত কাইলৈ অৰ্থাৎ ২৭ ডিচেম্বৰত নগাঁও জিলা সাহিত্য সভাৰ কমলাদেৱী টোডী ভৱনত দিনৰ ১১ বজাৰ পৰা বৌদ্ধিক ৰাইজ মেল অনুষ্ঠিত হ’ব। জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি থগিত মহন্ত আৰু সম্পাদক মৃণাল হাজৰিকাই এই কথা জানিব লৈ দি কয় যে সম্প্ৰতি অসমৰ জাতীয় জীৱনৰ ক্ষতিকাৰক ‘কা’ৰ বিৰোধিতাৰ লগতে নিজৰ ভাষাৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ অবিৰত সংগ্ৰাম সাহিত্য সভাই কৰি আহিছে।
এই সন্দৰ্ভত সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কাইলৈ আয়োজন কৰা বৌদ্ধিক ৰাইজ মেললৈ সকলো শ্ৰেণীৰ ৰাইজক উপস্থিত থাকিবলৈ জিলা সাহিত্য সভাই আহ্বান জনাইছে।













