ASSAM TIMES POST
আছিফ আলি, শিৱসাগৰঃ অসম আন্দোলনৰ নেতা আৰু শৃংখল চলিহাৰ পিতৃৰ প্ৰণৱজিত চলিহাৰ আহ্বানত অন্ধকাৰময় শিৱসাগৰ নগৰ।
উল্লেখযোগ্য যে CAA ৰ বিৰোধিতাৰে আজি সন্ধিয়া ৬ বজাৰ পৰা ৮ বজালৈ “নিষ্প্রদীপ-ক’লা দিৱস” পালন কৰাৰ আহ্বান জনাইছিল প্ৰতিবাদী কণ্ঠ ৰূপে পৰিচিত অসম আন্দোলনৰ আপোচবিহীন সংগ্ৰামী নেতা প্ৰণৱজিত চলিহা ওৰফে ৰমু চলিহাই।

তেখেতৰ এই আহ্বানত স্বতঃস্ফূৰ্ত সঁহাৰি জনায় শিৱসাগৰবাসী ৰাইজে আজি সন্ধিয়া ৬ বজাৰ লগে লগে নিজৰ ঘৰ, বজাৰ, গাড়ী মটৰ সকলোৰে লাইট দুঘন্টাৰ বাবে নুমুৱাই জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ বিৰুদ্ধে প্ৰতিবাদ জনায় “নিষ্প্রদীপ-ক’লা দিৱস” পালন কৰে। এই প্ৰতিবাদী কাৰ্যসূচী ৰূপে নগৰৰ বহুখিনি ব্যৱসায়িক প্ৰতিষ্ঠান স্বতঃস্ফূৰ্ত ভাবে বন্ধ হৈ পৰে।
উল্লেখ্য যে অসম আন্দোলনৰ সময়ত নেতা প্ৰণৱজিৎ ( ৰমু) চলিহাক আৰক্ষীয়ে ২৬৩ বাৰ আটক কৰাৰ লগতে ১৭ বাৰ জেললৈ গৈছিল নেতাগৰাকী৷













