ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ “কা” বিৰোধী প্ৰতিবাদত আজি গোলাঘাটত অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ সহযোগত অনুস্থিত হয় এখন বিশাল গণ সমাবেশ আৰু সমদল। গোলাঘাট জিলা উপায়ূক্তৰ বাসভৱনৰ সন্মুখত অনুষ্ঠিত সমাবেশত উপস্থিত সহশ্ৰাধীক ৰাইজক সন্মোধন কৰি বিশিষ্ট সাংবাদিক দ্বীপেন দত্তই “কা”ৰ ভয়াৱহতাৰ বিষয়ে ব্যাখ্যা কৰাৰ লগতে প্ৰশ্ন কৰে যে স্বাধীন দেশৰ অসমীয়া মানুহৰ অপৰাধ কি? নিৰ্বাচনত বিজেপি দলে দিয়া প্ৰতিশ্ৰুতি বিষয়ে ক’লে চৰকাৰে অপৰাধী সজাইছে৷
তেওঁ চৰকাৰে “কা” আন্দোলনৰ মেৰুডণ্ড ভাঙিব বিচাৰিছে বুলি ভাষণত কয় যে চৰকাৰে ৰাইজক গুৰি পৰুৱা বুলি ভাবিছে চৰকাৰ খনে মনত ৰখা উচিত মাউঠে উজালে গুৰি পৰঙৱাৰো মৰণ নাই। এই আইনৰ নামত চৰকাৰে আভুৰা ভৰাব বিচাৰিছে। সমাবেশত আছুৰ সহকাৰী সম্পাদক মনোৱাৰ হুছেইনে কয় যে ধৰ্মৰ নামত চৰকাৰে ভেদাভেদ কৰিছে। এই সংগ্ৰাম দীঘলীয়া বুলি মন্তব্য কৰি যি সকলে বিজ্ঞাপন দিছে সেই সকলক চৰকাৰৰ পদলেহনকাৰী বুলি সমালোচনা কৰি আছু নেতাজনে সৰ্বানন্দ সোনোৱাল গণশত্ৰু বুলি অভিহিত কৰে।
অ গ পৰ অতুল বৰা আৰু, কেশৱ মহন্তকো কঠোৰ সমালোচনা কৰি কয় যে তেওঁলোকক এই প্ৰতাৰণাৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হবলৈ আহ্বান জনায়৷ সমাবেশত অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক ৰিন্টু বৰা টাই, আহোম ছাত্র সন্ঠাৰ গোলাঘাটৰ সভাপতি কৃষ্ণ বৰুৱা আদিয়েও ভাষণ প্ৰদান কৰে। ইয়াৰ পিছতে সমাবেশত অংশ গ্ৰহণ কৰা প্ৰতিবাদী জনতাই বিভিন্ন শ্লোগান দি গোলাঘাট নগৰৰ মাজেৰে শোভাযাত্ৰা কৰি পুনৰ উপায়ুক্ত কাৰ্যালয়ৰ ওচৰতো বিক্ষোভ প্ৰদৰ্শন কৰে।
এই স্থানত অনুসুচিত জাতি যুব পৰিষদৰ সভাপতি ধ্ৰুব ভৰালী, সাহিত্য সন্মিলনীৰ গোলাঘাটৰ সম্পাদক দীপক বৰা আদিয়ে বক্তব্য প্ৰদান কৰে৷ অন্যহাতে আজি গোলাঘাট জিলাৰ চিত্ৰ শিল্পীসকলে চিত্ৰ অংকনেৰে শৈল্পিক প্ৰতিবাদ সাব্যস্ত কৰে৷ উপায়ুক্ত কাৰ্যালয়ৰ সমিপত নিজ নিজ কেনভাছত চিত্ৰ অংকন কৰে গোলাঘাটৰ নবীন প্ৰবীন শিল্পী সকলে৷ শিল্প কৰ্মৰে “কা” আইনৰ প্ৰতিবাদ জনোৱা শিল্পী সকল হৈছে সৰ্বানন্দ বৰবৰা, হীমেন দাস, সন্তোষ বৰা, বেনু শইকীয়া, তৰুণ বৰদলৈ, বিপুল চন্দ্ৰ ভৰালী, ঋষিকেশ বৰা, পৰিস্মিতা বৰদলৈ, অংকুৰ কোঁৱৰ, মহিউদ্দিন আহমেদ, সূৰ্দশনা গগৈ, ৰানা শইকীয়া, বৰ্ষা পাল আদি৷













