ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰৰ মুক্তিৰ দাবীত আজি গোলাঘাটত কৃষক মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি ছাত্র মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ সংগঠন কেইটাৰ সদস্যসকল গোলাঘাটৰ ৰাজহুৱা খেলপথাৰৰ সন্মুখত সমবেত হৈ শোভাযাত্ৰা কৰি উপায়ুক্ত কাৰ্যলয়ৰ দিশে আহে।
শৃঙ্খলাবদ্ধ হৈ প্ৰতিবাদীসকলে কৃষক নেতা অখিল গগৈসহ “কা” সংগ্ৰামত গ্ৰেপ্তাৰ কৰা সকলোকে বীনাচৰ্তে মুক্তি দিয়ক, কা বাতিল কৰক , সৰ্বানন্দ সোনোৱাল হায় হায় আদি ধ্বনি দি আহি উপায়ুক্ত কাৰ্য়ালয়ৰ সমুখত সমবেত হয় আৰু এখনি প্ৰতিবাদী সভা অনুস্থিত কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলা সমিতিৰ সভাপতি ধৰ্মেশ্বৰ শইকীয়াই প্ৰথমেই দাবী উত্থাপন কৰে যে চৰকাৰে বীনাচৰ্তে অখিল গগৈৰ সহ কা বাতিলৰ দাবীত হোৱা আন্দোলনত গ্ৰেপ্তাৰ কৰা সকলোকে মুক্তি দিয়ক ।
আজি নাগৰিকত্ব সংশোধনী আইন আনি চৰকূ অসমীয়া ভাষা সংস্কৃতি শেষ কৰিব বিচাৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক “কা” বাতিল কৰিববলৈ আহ্বান জনায়। কৃষক নেতাজনে এন এইচ পি চি আন্দোলনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সৈতে একেলগ হোৱা গৃহমন্ত্ৰী ৰাজনাথ সিং, মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি নদী বান্ধৰ কাম কৰিছে। এইসকল ভণ্ড নেতা বুলিও উল্লেখ কৰে কৃষক নেতা গৰাকীয়ে৷
গোলাঘাট জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক সূপ্ৰতিম ৰাজখোৱাই কয় যে ৰাইজৰ সংসদত এতিয়াও গৃহীত হোৱা নাই “কা”৷ আন্দোলন দমনে হাজাৰ অখিল গগৈৰ জন্ম হ’ব বুলিও ঘোষণা কৰে৷ অন্য এগৰাকী ছাত্র মুক্তিৰ নেতা আকাশ দাওৱে অখিল গগৈৰ বিনাচৰ্তে মুক্তিৰ দাবী জনায়।













