ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বিজেপিৰ নেতৃত্বত বিটিএডিত অসমীয়া ভাষা-সংস্কৃতি নিঃশেষ কৰিবলৈ দিয়া নহ’ব : নৱ শৰণীয়া

ASSAM TIMES POST by ASSAM TIMES POST
December 27, 2019
Reading Time: 1 min read
A A
0
বিজেপিৰ নেতৃত্বত বিটিএডিত অসমীয়া ভাষা-সংস্কৃতি নিঃশেষ কৰিবলৈ দিয়া নহ’ব : নৱ শৰণীয়া

assam times post 2 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

বিশেষ প্ৰতিবেদক

বিটিএডিত অসমীয়া ভাষাক ‘সহযোগী ভাষা’ কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰি অসমীয়া ভাষা, অসমীয়া সংস্কৃতি নিঃশেষ কৰাৰ বাবে বিজেপি চৰকাৰৰ যি ষড়যন্ত্ৰ বা বিজেপি – এজিপি- বিপিএফ মিত্ৰ দলৰ চৰকাৰে যি ষড়যন্ত্ৰ ৰচনা কৰিছে সেই ষড়যন্ত্ৰ কোনো কাৰণতে সফল হ’বলৈ দিয়া নহ’ব ৷ এই মন্তব্য কোকৰাঝাৰ লোক সভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াৰ৷

বৃহস্পতিবাৰে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত সাংসদগৰাকীয়ে কয়- ”অসম চৰকাৰে কেবিনেটত ইতিমধ্যে কেবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ তাৰ ভিতৰত বিটিএডিত অসমীয়া ভাষাৰ সলনি বড়ো ভাষাতো মূল ভাষা বা প্ৰথম ভাষা হ’ব ৷ অসমীয়া ভাষাতো সহযোগী ভাষাহে হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কিন্তু অসমৰ যি কোনো বিদ্যালয়ত দশম শ্ৰেণীলৈকে অসমীয়া ভাষাটো বাধ্যতামূলক হ’ব বুলি ঘোষণা আছিল ৷ কেবিনেটত বিটিএডিত অসমীয়া ভাষাটো দশম শ্ৰেণীলৈ বাধ্যতামূলক নহ’ব বুলিও সিদ্ধান্ত লৈছে ৷ কিন্তু এই ষড়যন্ত্ৰ বহু আগৰে পৰা চলি আছিল ৷ মই সাংসদ হোৱাৰ পিছত বা অবড়ো সুৰক্ষা সমিতিৰহৈ বিভিন্ন জাতীয় দল- সংগঠনৰ বিৰোধ আৰু সচেতনতাৰ কাৰণে এইটো কৰিব পৰা নাছিল ৷ শেহতীয়াভাৱে ‘কা’ লৈ যি এটা পৰিস্থিতিৰ সৃষ্টি হৈছে বা অসমৰ মানুহৰ অসমীয়া ভাষা- সংস্কৃতি বিলুপ্ত হ’ব বুলি যিটো আশংকা আছিল, সেই আশংকাটোক সম্পূৰ্ণ কৰাৰ কাৰণে অসমৰ বিজেপি চৰকাৰে বা বিজেপি -অগপ-বিপিএফ মিত্ৰ দলৰ চৰকাৰে অসমীয়া ভাষাটো নিঃশেষ কৰাৰ যি ষড়যন্ত্ৰ, তাৰ অংশ হিচাপে এই কামটো কৰিছে ৷ কাৰণ বিটিএডিত থকা ৩০ লাখ লোকৰ ৭৯ শতাংশ প্ৰায় ২৪ লাখ বেছি লোকে অসমীয়া ভাষা কয়, পঢ়ে বা লিখে ৷ যদিহে বিটিএডিত অসমীয়া ভাষাটো সহযোগী বা দ্বিতীয় ভাষা হিচাপে কৰা হয় তেতিয়াহ’লে ভাষাটো চতুৰ্থ স্থানত থাকিব ৷ কাৰণ হিন্দী ৰাষ্ট্ৰ ভাষা আৰু ইংৰাজী ভাষাটো আমাক লাগিব এৰিব নোৱাৰো ৷ লগতে বড়ো ভাষাটো থাকিবই ৷ সেয়ে আমি যি কোনো মূল্যৰ বিনিময়ত অসম চৰকাৰৰ এই ষড়যন্ত্ৰ ওফোৰাম আৰু প্ৰয়োজনত তেওঁলোকক শাসনৰ গাদীৰ পৰা নমাই হলেও এই ষড়যন্ত্ৰ ব্যৰ্থ কৰিম ৷ মোৰ লগত যিসমূহ সংগঠন আছে আৰু যিবিলাক বিভিন্ন জাতীয় দল-সংগঠন আছে ইতিমধ্যে তেওঁলোকৰ আলোচনা হৈছে আৰু এই সন্দৰ্ভত তেওঁলোকে অতি শীঘ্ৰে বিটিএডিত বিভিন্ন আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে ৷ ইতিমধ্যে অবড়ো সুৰক্ষা সমিতিয়ে বন্ধ ঘোষণা কৰিছিল ৷ কিন্তু বৰদিনৰ কাৰণে তথা ‘কা’ বিৰোধী যি সংগ্ৰাম চলি আছে সেই সংগ্ৰামত যাতে কোনো অসুবিধা নহয়,তাৰ বাবে বন্ধ স্থগিত কৰা হৈছিল।লগতে,কিছুমান ষড়যন্ত্ৰৰ গোন্ধ পোৱা গৈছিল ৷ অবড়ো সুৰক্ষা সমিতিৰ বন্ধৰ সময়চোৱাত যাতে দুটা- এটা কূটাঘাটমূলক ঘটনা সংঘটিত কৰি অবড়ো সুৰক্ষা সমিতিৰ নেতাসকলক যাতে অখিল গগৈৰ দৰে জেলত সুমোৱাব পাৰে তাৰ ষড়যন্ত্ৰ চলিল বাবে বন্ধৰ কাৰ্যসূচী স্থগিত ৰখা হৈছে ৷ গতিকে মই পুনৰবাৰ কৈছো যে অসমীয়া ভাষা,অসমীয়া সংস্কৃতি নিঃশেষ কৰাৰ বিজেপি চৰকাৰৰ যি ষড়যন্ত্ৰ বা বিজেপি – এজিপি- বিপিএফ মিত্ৰ দলৰ চৰকাৰে কৰিছে,সেই ষড়যন্ত্ৰ কোনো কাৰণতে সফল হ’বলৈ দিয়া নহ’ব ৷”

সেইদৰে অসমবাসীলৈ সাংসদগৰাকীয়ে আহ্বান জনাই কয় যে কেৱল বিটিএডিত অসমীয়া ভাষাটোক দ্বিতীয় ভাষা কৰিছে বুলি ভাবি ইয়াৰ ফলত কোনো ক্ষতি নহয় বুলি ভাবিলে ভুল কৰা হ’ব ৷ কাৰণ ইয়াৰ ফলত গোটেই অসমতে সামগ্ৰিকভাৱে ক্ষতি হ’ব আৰু অসমীয়া ভাষাৰ ক্ষতি হ’ব ৷ কাৰণ ২৪ লাখ লোকে যেতিয়া অসমীয়া ভাষাত লিখা- পঢ়া কৰি চাকৰি- বাকৰি আদি সা- সুবিধাসমূহ নাপাব, তেতিয়া তেওঁলোকে বাধ্য হৈ ইংৰাজী বা হিন্দী ভাষাক গ্ৰহণ কৰিব ৷ লগতে পৰবৰ্তী লোকপিয়লত হয়তো অসমীয়া ভাষাটো সংখ্যালঘুত পৰিণত হৈ যাব ৷ ইপিনে ৰাজ্যজুৰি ‘কা’ বিৰোধী সংগ্ৰাম চলি আছে যদিও এই সংগ্ৰামখনত ব্যৰ্থ কৰাৰ বাবে তথা বিভাজন অনাৰ বাবে অহৰহ প্ৰচেষ্টা চলি আছে ৷

বিটিএডিৰ লগতে অসমগ্ৰ অসমতে কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে দাবী উত্থাপিত হৈ আহিছে ৷ ইয়াৰ লগতে কলিতা, নাথ- যোগী তথা গোৰ্খাসকলেও জনজাতিকৰণৰ কথা কৈ আছিল ৷ এনে অৱস্থাত এই আন্দোলনসমূহক তথা সংগ্ৰামত ব্যৰ্থ কৰাৰ বাবে বা বিভাজন কৰাৰ কাৰণে চৰকাৰে স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰিছে ৷ এই কথাটো মই কোৱা কথা নহয় ৷ আচলতে প্ৰমীলা ৰাণী ব্ৰহ্ম বাইদেউৱে কোৱা কথা ৷ তেওঁ নিজেই কৈছে যে তেওঁলোকে স্বায়ত্ত শাসন এই কাৰণে দিব ওলাইছে যাতে জনজাতিকৰণৰ সংগ্ৰামবিলাক দমিত হয় ৷ সেই কাৰণে আমি স্বায়ত্ত শাসনৰ যি কথা কৈছে তাক সন্মান জনাইও কওঁ যে কোচ ৰাজবংশী বা যিসকলৰ দিয়া হৈছে তেওঁলোকৰ কিছু সংখ্যক মানুহেহে সমৰ্থন ব্যক্ত কৰিছে ৷ কিন্তু এনে ধৰণৰ যিবিলাক কথা তেওঁলোকে কৈছে তাৰ জৰিয়তে কিন্তু আন্দোলন ব্যৰ্থ কৰাত সফল নহ’ব ৷

বিশেষকৈ বিটিএডিৰ আদিবাসী, ৰাজবংশী লোকসকলে জানে যে ইয়াত জনজাতিকৰণ নহ’লে তেওঁলোকৰ কোনো অধিকাৰ নাই ৷ যদি ভাৱিছে যে বিটিএডিৰ বাহিৰত এইখিনি কৰি তেওঁলোকে সফল হ’ব, তেতিয়াহ’লে মিছা কথা ৷ ইতিমধ্যে যিবিলাক জাতীয় দল- সংগঠন আছে তেওঁলোকে আমাৰ লগত কথা পাতিছে।তেওঁলোকে জনজাতিকৰণ, ‘কা’ বিৰোধ, অসমীয়া ভাষাৰ অধিকাৰ, মাটিৰ অধিকাৰৰ লগতে এনআৰচিৰ যিখিনি কাম বাকী আছে অৰ্থাৎ এনআৰচিত বহু মানুহক ‘ কা’ সমৰ্থন কৰাৰ স্বাৰ্থত বা হিন্দু – মুছলমানৰ যিটো ৰাজনীতি তাৰ স্বাৰ্থত তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে বহুতৰ নাম কাটিছিল ৷ এই গোটেই বিষয়খিনিৰ নাগৰিকৰ যি অধিকাৰ সেই অধিকাৰ সুৰক্ষিত হয় তথা বিদেশী ন্যায়ধিকৰণৰ বাহিৰত যাতে সুকলমে সম্পন্ন হয় তাৰ বাবে কিন্তু উমৈহতীয়া আন্দোলন বিটিএডিত ইতিমধ্যে আৰম্ভ হ’ব আৰু আগবাঢ়িছে ৷

বিভিন্ন দল- সংগঠনক বিভাজিত কৰাৰ বাবে তথা মোৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ ৰচিছিল সেয়া অতি সোনকালে ব্যৰ্থ হ’ব আৰু সকলো জাতি জনগোষ্ঠী,দল- সংগঠনে এই আন্দোলনত চামিল হ’ব ৷ মই সাংসদ হিচাপে সংসদৰ বাহিৰে ভিতৰে আৰু আন্দোলনবিলাকত চামিল হ’ম ৷’ইপিনে সাংসদগৰাকীয়ে চিৰাঙৰ আই নৈৰ পাৰত শুকুৰবাৰৰ পৰা( ২৭ ডিচেম্বৰ) অহা ৭ জানুৱাৰীলৈ আয়োজন কৰা দৈজিং মহোৎসৱক বৰ্জন কৰিবলৈ ৰাইজক আহ্বান জনাইছে ৷ সংবাদ মেলত সাংসদগৰাকীয়ে কয় যে সমগ্ৰ অসমৰ মানুহ ক্ৰোধত আৰু দুখত যেতিয়া ম্ৰিয়মান হৈ আছে, সেই সময়ত অসমত জোৰ জোবদস্তিকৈ ‘ কা’ জাপি দি তেওঁলোকে বিজয় উৎসৱ পতাৰ বাবে এইবাৰ দৈজিং মহোৎসৱত বৃহৎ আয়োজন কৰিছে ৷ কাইলৈৰ পৰা এই দৈজিং মহোৎসৱ আৰম্ভ হ’ব।সেই মহোৎসৱত সুৰা,গাহৰি, হৰিণাৰ মাংসৰ পৰা আৰম্ভ কৰি জুৱালৈকে সকলো আয়োজন চলিছে ৷ দিল্লীৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইৰ পৰা শিল্পীক আমন্ত্ৰণ জনাইছে ৷ আমন্ত্ৰণিত অতিথিক তালিকাত মুখ্যমন্ত্ৰীৰূপে পৰা আৰম্ভ কৰি বিভিন্ন নেতাক মতা হৈছে ৷

সেয়েহে মই চিৰাং জিলাৰ লগতে বিটিচি তথা সমগ্ৰ অসমবাসী ৰাইজক এই দৈজিং মহোৎসৱ বৰ্জন কৰিবলৈ আহ্বান জনাইছো ৷ এই কাৰণে বৰ্জন কৰিবলৈ আহ্বান জনাইছো যে এই সময়ত অসমৰ মানুহৰ লগত দুখৰ সমভাগী হোৱাৰ সলনি যদি ইয়াত মদ,জুৱা আৰু মাংসত মত্ত হৈ থাকে তেতিয়াহ’লে সেইটো চৰম অপমান ৷ ইয়াক কোনো কাৰণতে সহজভাৱে লোৱা নহ’ব ৷ আনকি এই মহোৎসৱত হৰিণাৰ মাংসৰ আয়োজন চলাৰো এটা ভিতৰুৱাভাৱে খবৰ পোৱা বুলি অভিযোগ উত্থাপন কৰি সাংসদগৰাকীয়ে কয় যদিহে সঁচাকৈ এই নীৰিহ হৰিণাবিলাকক হত্যা কৰি ভোজৰ আয়োজন কৰা হৈছে, তেতিয়াহ’লে কিন্তু কেৱল প্ৰকৃতিপ্ৰমীসকলেই নহয় আমি সকলোৱে ইয়াক ধিক্কাৰ জনোৱা উচিত ৷

কাৰণ ইতিমধ্যে বিএলটিৰ সংগ্ৰামৰ সময়ত মানাহৰ সকলো গড় মাৰি শেষ কৰা হৈছিল ৷ এতিয়া গড়ৰ পৰা আৰম্ভ কৰি হৰিণা, বাঘ আদি জীৱ- জন্তুবোৰে অলপ শান্তি পাইছিল উগ্ৰপন্থীখিনি নাই ৷ কিন্তু এতিয়া উৎসৱ বা বিজয় উৎসৱৰ নামত যিবিলাক আয়োজন ইয়াক কোনো কাৰণতে সভ্য সমাজে সহজভাৱে নলয় ৷ সেয়েহে মই সমগ্ৰ বিটিচিবাসী ৰাইজক এই ধৰণৰ উৎসৱৰ পৰা বিৰত থকাৰ বাবে আহ্বান জনাইছো ৷ লগতে আহি থকা দিনবোৰত যাতে আমাৰ জাতীয় দল- সংগঠনবোৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ ৰক্ষা কৰা বা আদায় কৰাৰ বাবে যি আন্দোলন কৰিব তাত যাতে সমূহীয়াভাৱে অংশ গ্ৰহণ কৰে তাৰ বাবেও আহ্বান জনায় ৷ সংবাদ মেলত উপস্থিত থকা অবড়ো সুৰক্ষা সমিতিৰ সভাপতি ললিত হেমব্ৰমে কয় যে বৰ্তমানৰ মিত্ৰ দলৰ নীতি আৰু কৰ্ম এতিয়া আমি সকলোৱে বুজি পাইছো ৷ ‘কা’ বিৰোধী আন্দোলনক কৌশলগতভাৱে দমন কৰাৰ যি নীতি চলি আছে তথা আন্দোলনটোক মষিমূৰ কৰাৰ বাবে মিত্ৰ দলৰ চৰকাৰে যি এটা ৰাজনৈতিক কৌশল ৰচিছে সেয়া সঁচাকৈ দুৰ্ভাগ্যজনক৷

আন্দোলনৰ দমন আৰু মষিমূৰ কৰাৰ স্বাৰ্থতে আজিৰ দিনত অসম চৰকাৰে বিভিন্ন জাতি – জনগোষ্ঠীৰ নামত স্বায়ত্ত শাসিত পৰিষদ গঠন কৰিব ওলাইছে আৰু কিছুমানক অৰ্থনৈতিক পেকেজ দিয়াৰ ঘোষণা কৰিছে ৷ এয়া দুৰ্ভাগ্যজনক বুলি ক’ব লাগিব ৷ অসমত আজি যি ‘ কা’ কাৰ্যকৰীকৰণ হ’বলৈ গৈ আছে ইয়াৰ ফলত ৰাজ্যখনৰ জাতি- জনগোষ্ঠীৰ কলা- কৃষ্টি, ভাষা- সংস্কৃতিক যে ধ্বংস কৰিব সেয়া একেবাৰে সঁচা ৷ গতিকে আমি এই আন্দোলনক ভৱিষ্যতে অধিক তীব্ৰতৰ ৰূপ দিবলৈ অবড়ো সুৰক্ষা সমিতিয়ে কোনো দ্বিধাবোধ নকৰো ৷ আমি এই আন্দোলনক এটা ভাল দিশত আগবঢ়াই নিয়াৰ বাবে চিন্তা চৰ্চা কৰিছো আৰু কৰি গৈ থাকিব ৷ আজি বিটিচিত ভাৰত চৰকাৰে বনাঞ্চলত বসবাস কৰা জাতি- জনোষ্ঠীসকলক মাটিৰ পট্টা দিবলৈ নিৰ্দেশ দিছিলে যদিও আজিলৈকে সেই নিৰ্দেশ কাৰ্যকৰী নকৰিলে বুলি কয় ৷

আনহাতে, কেন্দ্ৰীয় চৰকাৰে দুখীয়া ৰাইজৰ বাবে যি আবাস নিৰ্মাণৰ বাবে ধন আগবঢ়াইছে সেই আবাস নিৰ্মাণৰ ক্ষেত্ৰতো দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে ৷ অসমীয়া ভ সংবাদ মেলত অবড়ো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক মাধৱ ৰাজবংশী,মুখ্য উপদেষ্টা ৰফিক আহমেদ,গণ সুৰক্ষা পাৰ্টীৰ সাধাৰণ সম্পাদক আব্দুল বাদশ্বাহ, বিটিএডি আৰ্মীৰ চীফ খনীন ডেকা আদি উপস্থিত আছিল ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

July 18, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
National-International

Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত

July 18, 2026
50
SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়
National-International

SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

July 18, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দিল্লী আৰক্ষীয়ে বলপূৰ্বকভাৱে উঠাই নিলে সোণম ৱাংচুকক, চিকিৎসালয়ত ভৰ্তি

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

July 18, 2026
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত

July 18, 2026
SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx