ASSAM TIMES POST
নিউজ ডেস্ক
১৪৫ দিনৰ মূৰত কাৰ্গিলত পুনৰ দিয়া হৈছে ইণ্টাৰনেট সেৱা৷ শুকুৰবাৰে পুৱাৰ পৰাই মোবাইল ইণ্টাৰনেট সেৱা আৰম্ভ কৰা হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ৷ উল্লেখ্য যে জম্মু-কাশ্মীৰৰ ক্ষেত্ৰত প্ৰযোজ্য সংবিধানৰ ৩৭০নং অনুচ্ছেদ বিলোপৰ পিছত চাৰি মাহ পাৰ হৈ গ’লেও এতিয়াও প্ৰায় গোটেই কাশ্মীৰ উপত্যকাত বন্ধ কৰি ৰখা হৈছে ইণ্টাৰনেট সেৱা৷ অৱশ্যে কাৰ্গিলত আৰম্ভ হোৱাৰ পিছত লাহে লাহে বাকী উপত্যকাতো ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰিব বুলি আশাবাদী কাশ্মীৰবাসী৷













