ASSAM TIMES POST
নিউজ ডেস্ক
উত্তৰ প্ৰদেশৰ এক তৃতীয়াংশ এলেকাত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিলে ৰাজ্য প্ৰশাসনে৷ ৰাজ্যিক আৰক্ষীৰ ডিৰেক্টৰ জেনেৰেল অ’ পি সিঙে জনোৱামতে, ৭৫খন জিলাৰ ভিতৰত ২১খন জিলাতেই ইণ্টাৰনেট সেৱা সম্প্ৰতি বন্ধ ৰখা হৈছে৷ উল্লেখ্য যে সমগ্ৰ ৰাজ্যখনতে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে৷ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিবৰ বাবে ব্যৱহাৰ কৰা হৈছে ড্ৰোণ৷ আনহাতে, পৰিস্থিতি মোকাবিলা কৰাৰ বাবে নমোৱা হৈছে অৰ্ধসামৰিক বাহিনীও৷
উল্লেখ্য যে ৰাজ্যজুৰি চলা হিংসাত্মক কাৰ্যৰ বাবে পূৰ্বতেই বিজনৌৰ, বুলন্দ চহৰ, মুজফৰনগৰ, চম্বল, ফিৰোজাদাবাদ, আলিগড়, গাজিয়াবাদ, ৰামপুৰ, সীতাপুৰ আৰু কানপুৰত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছিল৷ শুকুৰবৰীয়া নমাজৰ পিছত চিএএৰ প্ৰতিবাদত পুনৰ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ আশংকাত আৰু কেইখনমান জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়ে প্ৰশাসনে৷
আনহাতে, ৰাজ্যিক আৰক্ষী প্ৰধান অ’ পি সিঙে জনোৱামতে, “ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণাধীন৷ সংবেদনশীল স্থানসমূহত অধিক আৰক্ষী মোতায়েন কৰা হৈছে৷ পৰিস্থিতি স্বাভাৱিক হ’লেই ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰা হ’ব৷”
উল্লেখ্য যে ছ’চিয়েল মিডিয়াক ব্যৱহাৰ কৰি ৰাজ্যখনত হিংসা বৃদ্ধিৰ চেষ্টা কৰা হৈছে বুলি দাবী কৰি ৰাজ্যিক প্ৰশাসনে ইতিমধ্যে ১৯ হাজাৰ ছ’চিয়েল মিডিয়া পোষ্টৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিছে৷ বিগত সপ্তাহত ১২৪জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ আনহাতে, চৰকাৰী সম্পত্তি ধ্বংসৰ অভিযোগত ইতিমধ্যেই ৪৯৮জনক ৰাজ্য প্ৰশাসনে চিহ্নিত কৰিছে৷ হিংসাত সহায় কিম্বা জড়িত থকাৰ অভিযোগত কেৱল মিৰাটতেই ৭৯টা গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে৷ গ্ৰেপ্তাৰ কৰা হৈছে ৩১৭জনক৷













