ASSAM TIMES POST
নগাঁওঃ সম্প্ৰীতিৰ নিৰ্দশন দাঙি সমন্বয়ৰ মিলনস্থলীলৈ পৰিণত হ’ল নগাঁও চহৰৰ সমীপৱৰ্তী পানীখাইটীৰ শংকৰ আজান ক্ষেত্র।কালি নিশা বৃহত্তৰ অঞ্চলটোৰ হিন্দু আৰু মুছলমান লোক সকলে একত্ৰিত হৈ উদযাপন কৰা শ্ৰীশ্ৰীকৃষ্ণ ৰাস মহোৎসৱে সম্প্ৰীতিৰ নিদৰ্শন দাঙি সমাজলৈ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনে। উল্লেখ্য যে, বিগত পাঁচ বছৰ ধৰি হিন্দু আৰু মুছলমান দুয়ো সম্প্ৰদায়ে একেলগে পালন কৰি আহিছে শ্ৰীকৃষ্ণৰ ৰাস উৎসৱ।
বৃহস্নিপতিবাৰে নিশা অনুষ্ঠিত হোৱা ৰাস উৎসৱত কৃষ্ণৰ ভাৱত হিন্দু যুৱক নিলোৎপল বৰা আৰু ৰাধাৰ ভাৱত মুছলমান যুৱক আৰোহী খানৰ অভিনয়ে সকলোকে আপ্লুত কৰে।
তাৰোপৰি গোপী সকলৰ নাচোনৰ লয়লাস, বাঁহীৰ অমিয়া সুৰত, খোল তালৰ অনুপম শব্দত দ্বিতীয় বৃন্দাবনত পৰিণত হৈ পৰে পানীখাইটি । এই ৰাস উৎসৱৰ শুভ উদ্বোধন কৰি সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱাই। উল্লেখ যোগ্য যে যি সময়ত কিছুমান অশুভ শক্তিয়ে হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ মাজত সাম্প্ৰদায়িকতাৰ বীজ সিঁচাৰ চেষ্টা চলাই আহিছে তেনে সময়তে পানীখাইটীৰ শংকৰ আজান সমন্বয় সমিতিৰ উদ্যোগত অনুষ্ঠিত এই ৰাস উৎসৱখনে ইতিবাচক চিন্তাৰে হিন্দু- মুছলমানৰ মাজত থকা ঐক্য সম্প্ৰীতিৰ এনাজৰীডাল কেতিয়াও কোনেও চিঙিব নোৱাৰে বুলি অশুভ শক্তিক সকিয়নী দিয়ে ।













