ASSAM TIMES POST
ৰঙাপৰাঃ ৰঙাপৰাৰ এগৰাকী শিল্পীয়ে সৰ্ব্বভাৰতীয় পৰ্যায়ত তবলা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্থান প্ৰাপ্তিৰে উজলি উঠাৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ চাৰি নং ৱাৰ্ডৰ ইন্দিৰা নগৰৰ বাসিন্দা প্ৰদীপ কুমাৰ সেন আৰু সিবানী সেনৰ একমাত্ৰ পুত্ৰ ময়ুখ সেনে (১২) যোৱা ১৫ ডিচেম্বৰ তাৰিখত কলিকতাৰ বেহেলাত অনুষ্ঠিত পন্ডিত জ্ঞান প্ৰকাশ ঘোষ সোৱৰনী তবলা প্ৰতিযোগিতাত প্ৰতিটো শাখাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়।

ধৰনী একাডেমিত অফ পাৰ্কচন মিউজিক, বেহেলা,কলিকতাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাত ময়ুখ সেনে প্ৰথমে কনিষ্ঠ শাখাৰ প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয় আৰু আৰু তাৰপাছত একাদিক্ৰমে উদ্যোক্তাৰ আগ্ৰহত জেষ্ঠ শাখাত অংশগ্ৰহণ কৰি প্ৰথম স্থান দখল কৰে।
পণ্ডিত পবন বৰদলৈৰ তত্বাৱধানত তবলাৰ প্ৰশিক্ষণ লোৱা ময়ুখ সেন জ্ঞান দ্বীপ বিদ্যানিকেতনৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ। ঘৰত সংগীতৰ পৰিবেশ থকাৰ উপৰিও পিতৃয়ে ২০১৫ চনত ৰঙাপৰাৰ চণ্ডিগড় অনুমোদন প্ৰাপ্ত প্ৰাচীন কলা কেন্দ্ৰ শাখাত নাম ভৰ্তি কৰায়। তাতে শিশু শিল্পীজনে আনুষ্ঠানিকভাৱে শাস্ত্ৰীয় তবলা প্ৰশিক্ষণ আৰু সংগীতৰ আদিপাঠৰ প্ৰশিক্ষণ লয়। চাৰি বছৰ বয়সতে জিলা ভিত্তিক প্ৰতিযোগিতাত দ্বিতীয় স্থান দখল কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। দৈনিক ২ ঘন্টাকৈ চৰ্চা কৰা ময়ুখ সেনৰ সাফল্যত অঞ্চলটোত আনন্দৰ জোৱাৰ উঠিছে।













