ASSAM TIMES POST
নিউজ ডেস্ক
মোডীৰ শাসনকালত নিবনুৱাৰ সংখ্যাই পূৰ্বৰ ৪৫ বছৰৰ অভিলেখ ভংগ কৰিছে৷ আৰ্থিক বিকাশ ৰহাৰ ছয় বছৰত সৰ্বনিম্ন হ’ল৷ উদ্যোগত নতুন উৎপাদন নাই৷ সেয়েহে বেংক ৰপৰা ঋণৰ প্ৰয়োজন কমিছে৷ বজাৰত গ্ৰাহকৰ উৎসাহ নাই৷ দামী বস্তু কিনিবলৈও সাধাৰণ জনতাই পূৰ্বৰ দৰে বেংকৰ কাষ চপা নাই৷
অৰ্থনীতিত মন্দাৱস্থাৰ এই ছবিখন পূৰ্বতেই জ্ঞাত আছিল৷ বিৰোধীয়ে অভিযোগ কৰিছিল যে অৰ্থনীতিৰ বিপৰ্যস্ত অৱস্থাৰ পৰা ৰাইজৰ মনোযোগ আঁতৰাবৰ বাবেই মোডী চৰকাৰে চিএএ আৰু এনআৰচি আনিছে৷ কিন্তু ৰাইজৰ মনোযোগ আঁতৰাব বিচাৰিলেও ৰিজাৰ্ভ বেংকৰ মনোযোগ পিছে আঁতৰাব পৰা নাই৷ আজি ৰিজাৰ্ভ বেংকে জনায় যে অৰ্থনীতিৰ কৰুণ দশাৰ ফলত বেংকৰ অনাদায়ী ঋণৰ বোজা আগন্তুক এক বছৰত বাঢ়িব পাৰে৷ ২০২০ৰ ছেপ্টেম্বৰত এইটো ৯৯ শতাংশত উপনীত হ’ব৷ একে সময়তে অৰ্থনীতিৰ মূল্যায়নকাৰী সংস্থা ‘ইক্ৰা’ৰ আশংকা, বেংকৰ ঋ ণবৃদ্ধিৰ হাৰে ৫৮ বছৰৰ অভিলেখ ভংগ কৰিবলৈ আগবাঢ়িছে৷
উল্লেখ্য যে দেওবাৰে বেংক বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হ’ব দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ৷ কিন্তু তাৰ পূৰ্বে আজি ৰিজাৰ্ভ বেংকৰ পূৰ্বাভাসে এক প্ৰকাৰ কঁপনি তুলিছে বিত্ত মন্ত্ৰণালয়ত৷













