ASSAM TIMES POST
বিভাস দুৱৰা,ডিব্ৰুগড়: ডিব্ৰুগড়ৰ অন্তিমজন মুক্তি যুঁজাৰু তথা শতআয়ু হোৱা নুৰুল হুদাৰ আজি পুৱা চিকিৎসাধীন অৱস্থাতে পৰলোক হোৱাত সকলোতে শোকৰ বন্যা বয়।যোৱা নিশা হুদাৰ হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও আজি পুৱা অসম চিকিৎসা মহাবিদ্যালয়তে ৯৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।ডিব্ৰুগড়ৰ আমোলাপট্টীৰ নিৱাসী তথা যোৰহাটৰ মিঠাপুখুৰীত জন্ম গ্ৰহণ কৰা নুৰুল হোদাই স্কুলীয়া জীৱন আৰম্ভ কৰিছিল সেই সময়ৰ ডিব্ৰুগড়ৰ জৰ্জ হাইস্কুলত।

বাহাদুৰ গাওঁবুঢ়া, বাঘ হাজৰিকা পৰিয়ালৰ নুৰুল হোদাই ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত জপিয়াই পৰি দেশ ভক্তিৰ পৰিছয় দিছিল। অসম চৰকাৰৰ স্বীকৃতি প্ৰাপ্ত মুক্তিযুঁজাৰু নুৰুল হোদাই ডিব্ৰুগড় জৰ্জ স্কুলত হাইস্কুলীয়া শিক্ষা গ্ৰহন কৰাৰ পিছত কটন কলেজত উচ্ছ শিক্ষা গ্ৰহন কৰাৰ পিছত জৰ্জ হাইস্কুলত কিছু বছৰৰ বাবে শিক্ষকতাও কৰিছিল।
পিছত শিক্ষকতা সামৰি টেঙাখাত উন্নয়ন খণ্ডত কমিউনিটি খণ্ড বিষয়া হিচাপে কাৰ্য নিৰ্বাহ কৰে।এই চাকৰিও ত্যাগ কৰি নাজিৰাৰ বৰতলা স্কুলত শিক্ষকতা কৰে।গণনাট্য সংঘৰ সতেও জড়িত নুৰুল হোদাই প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰা কাৰ্যকালত জনতা দলৰ ডিব্ৰুগড় জিলা সম্পাদক হিচাপেও দায়িত্বভাৰ পালন কৰিছিল।
জীৱন কালত বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ পৰা নুৰুল হোদাক ২০১৬ চনত ভাৰত চৰকাৰৰে প্ৰদান কৰা বয়োজেষ্ঠ্য সন্মান ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰিছিল।ভাষা আন্দোলন,শোধানাগাৰ আন্দোলত উত্ত:প্ৰোতভাবে জৰিত হৈ ৬ মাহৰ বাবে শিৱসাগৰ কাৰাগাৰত কাৰাবন্দী হৈ আছিল।অতি বাকপতুতা,ন্যায়ৰ বাবে যুঁজ দিয়া এই গৰাকী প্ৰবীণ মুক্তিযুঁজাৰুৰ মৃত্যুত ডিব্ৰুগড়ত গভীৰ শোকৰ ছাঁ পৰিছে। তেওঁৰ মৃত্যুৰ খবৰ লাভ কৰা লগে লগে স্থানীয় বিধায়ক প্ৰশান্ত ফুকন সহ বিভিন্ন ব্যক্তি আমোলাপট্টীৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ইপিনে নুৰুল হোদাৰ মৃতদেহ সন্ধিয়া ৫-৩০ বজাত আমোলাপট্টী ৰাজহুৱা কৱৰস্থানত জানাজা সম্পূৰ্ণ কৰিব বুলি জনাইছে পৰিয়ালবৰ্গই।তেখেতৰ মৃত্যুত ডিব্ৰুগড় জিলা প্ৰশাসন, বিধায়ক প্ৰশান্ত ফুকনৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান,দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে। স্বাধীনতা সেনানী গৰাকীৰ ত্যাগক সকলোৱে একমুখে স্বীকাৰ কৰাৰ লগতে তেখেতৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।
আগন্তুক ফ্ৰেব্ৰুৱাৰত এশ বছৰত ভৰি দিবলৈ থকা স্বাধীনতা সেনানী জনৰ মৃত্যুৰ আগমুহূৰ্তলৈকে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থকাৰ লগতে বিভিন্ন তথ্য সমৃদ্ধ গুৰুত্বপূৰ্ণ লেখা প্ৰকাশ কৰিছিল।ৰাষ্ট্ৰপতিৰ পুৰস্কাৰেৰে সন্মানিত হুদাক ভাৰত চৰকাৰে স্বাধীনতা সেনানী পেঞ্চনেৰেও সন্মানিত কৰিছিল।
মৃত্যুৰ সময়ত প্ৰয়াত হোদাই চাৰি পুত্ৰৰ লগতে এগৰাকী জীয়ৰীসহ অনেক গুনমুগ্ধ আৰু আত্মীয়স্বজনক এৰি থৈ যায়।













