ASSAM TIMES POST
নগাঁও: ‘আজিৰ শিশুৱেই ভৱিষ্যতৰ সু নাগৰিক।সেয়ে শিশু সকলক সঠিক পথৰ সন্ধান দিলেহে এখন সুস্থ সমাজ গঢ়ি তুলিব পৰা যাব।ইয়াৰ বাবে প্ৰতিগৰাকী অভিভাৱকে নিজৰ সন্তানক মানবীয় গুণ সম্পন্ন কৰি তোলাৰ ক্ষেত্ৰত যত্নবান হব লাগিব।’ এই মন্তব্য শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকাৰ।

আজি ‘অকণিৰ মেল’ মিলনপুৰৰ উদ্যোগত নগাঁও চহৰৰ মিলনপুৰ আদৰ্শনগৰত অনুষ্ঠিত শিশু সমাৰোহৰ পতাকা উত্তোলন কৰি বিশিষ্ট বুদ্ধিজীৱি তথা শিক্ষাবিদ ডঃ ডেকাই লগতে কয় যে-অসমৰ সাহিত্য-সংস্কৃতি আৰু বৌদ্ধিক ক্ষেত্ৰখনত নগাঁৱৰ স্থান পূৰ্বৰে পৰা শীৰ্ষত আছে।সেই নগাঁৱৰে মিলনপুৰত অনুষ্ঠিত শিশু সমাৰোহৰ শিশু সকলৰ পৰাই অনাগত সময়ত অসমৰ বৌদ্ধিক ক্ষেত্ৰ তথা সমাজ জীৱনক নেতৃত্ব দিব পৰা লোক ওলাব বুলি আমি আশাবাদী।
আয়োজক সকলে এনে এক সমাৰোহৰ জৰিয়তে শিশু সকলৰ মাজত অসমৰ ভাষা-সংস্কৃতিৰ প্ৰতি প্ৰেম জগাই তোলাৰ যি প্ৰচেষ্টা হাতত লৈছে তাৰ বাবে তেওঁলোক ধন্যবাদৰ পাত্ৰ।শিশু সমাৰোহখন আনুষ্ঠানিক ভাবে উদ্বোধন কৰি বিশিষ্ট সাহিত্যিক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্ৰাধ্যাপক ডঃ কৰবী ডেকা হাজৰিকাই কয় যে- বৰ্তমানৰ শিশু সকলৰ ভৱিষ্যৎ প্ৰত্যাহ্বনৰে ভৰা ।এই প্ৰত্যাহ্বানৰ সৈতে যুঁজিব পৰাকৈ শিশু সকলক প্ৰস্তুত কৰিব লাগিব।এনে সমাৰোহ এক সমৃদ্ধিৰ অনুষ্ঠান।
এনে অনুষ্ঠানৰ দ্বাৰা শিশু সকলক সাহসী কৰি তুলিব পৰা যাব।ডঃ ডেকা হাজৰিকাই লগতে কয় যে-আমাৰ অভিভাৱক সকলে নিজৰ সন্তান ভাল চিকিৎসক,ভাল অভিযন্তা অথবা ভাল প্ৰশাসনিক বিষয়া হোৱাটো বিচাৰে।
কিন্তু ইয়াৰ সমান্তৰালভাবে শিশুৰ মনত সুকুমাৰবোধো জগাই তুলিব লাগিব।নিজৰ ঘৰ,নিজৰ পৰিয়ালক ভাল পাবলৈ শিশু সকলক শিকাব লাগিব।উলাহেৰে ভৰা এক ঘৰুৱা পৰিবেশ তেওঁলোকক দিব লাগিব।আধুনিক বিজ্ঞানৰ দ্ৰুত উন্নয়নে মানুহৰ মাজত থকা আন্তৰিক সম্পৰ্ক হ্ৰাস কৰিছে বুলি মন্তব্য কৰি ডঃ ডেকা হাজৰিকাই লগতে কয় যে-পূৰ্বতে কম্পিউটাৰ নাথাকোতে আমি জ্ঞানৰ দিশত পিচপৰি আছিলো।
কিন্তু সেই সময়ত আমি আন্তৰিকতাৰ দিশত আগবাঢ়ি আছিলো। বিজ্ঞানৰ অগ্ৰগতিৰ ফলত সমাজৰ উন্নয়ণ হৈছে যদিও আন্তৰিক সম্পৰ্কবোৰত বালিচৰ পৰিছে।ডঃ ডেকা হাজৰিকাই শিশু সকলক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাকে ধৰি অসমৰ প্ৰথিতযশা সাহিত্যিক সকলৰ গ্ৰন্থ অধ্যয়ন কৰাবলৈ অভিভাৱক সকলক পৰামৰ্শ দিয়ে।
উদ্যোক্তা সকলৰহৈ হেমন্ত কুমাৰ শইকীয়াই আঁত ধৰা সমাৰোহত অংশগ্ৰহন কৰি সাংবাদিক চন্দনজ্যোতি বৰাই কয় যে-এজন ব্যক্তি যিমানেই উচ্চ পদৱীধাৰী নহওক কিয় অথবা সামাজিক স্থিতি নাথাকক কিয় তেওঁ নিজৰ সাংস্কৃতিক আৰু জাতীয় পৰিচয়ৰেহে চিনাকি দিব পাৰে।বহি: ৰাষ্ট্ৰ অথবা বহি: ৰাজ্যত আমি অসমীয়া হিচাবেহে নিজৰ পৰিচয় দিব লাগিব। প্ৰবাসী অসমীয়া সকলে বহি: ৰাষ্ট্ৰত আন্তৰিকতাৰে বিহু উদযাপন কৰে নিজৰ সাংস্কৃতিক পৰিচয়ৰ বাবে।
সাংস্কৃতিক অথবা জাতীয় পৰিচয়হীন এটা জাতি পিতৃ পৰিচয়হীন ব্যক্তিৰ দৰে।নিজৰ পিতৃক যেনেকৈ আমি অৱজ্ঞা কৰিব নোৱাৰো একেদৰে নিজৰ জাতীয় আৰু সাংস্কৃতিক পৰিচয়কো আমি এৰাই চলিব নোৱাৰো।সমাৰোহতে খাগৰিজান নামৰ শিশু সকলে হাতে লিখা এখন আলোচনী উদ্বোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক মনোজ কুমাৰ নাথে।
সমাৰোহত বিশিষ্ট তথ্য চিত্ৰ নিৰ্মাতা পাৰ্থজিৎ বৰুৱা,শিশু আলোচনী ‘মইনা’ৰ সম্পাদক ভাগ্যলক্ষ্মী মহন্ত,ডঃ বিপিন বৰুৱা,দুলাল বৰাক উদ্যোক্তা সকলে সম্বৰ্ধনা জনায়।উল্লেখ্য শিশু সকলে হাতেলিখা আলোচনী ‘খাগৰিজান’ৰ তত্বাৱধায়ক হিচাপে আছে ডঃ মুন মুন বৰা,সম্পাদিকা হিচাপে আছে ময়ুৰী হাজৰিকা,অন্বেষা বৰা,চঞ্জনা সৰকাৰ আৰু সৃষ্টি বৰুৱা।
সমাৰোহত আজি অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতা সমূহত পৰিচালকৰ দায়িত্ব পালন কৰে শিশু সকলে ।সেই অনুযায়ী চিত্ৰাংকন প্ৰতিযোগিতা জিৰণী শৰ্মা,কবিতা আবৃত্তি প্ৰতিযোগিতা ‘ক’ শাখাত দেৱনন্দনা কাহাৰ,’খ’ শাখাত ৰুদ্ৰাণী শৰ্মা,ছৱি চাই চিনো আহা প্ৰতিযোগিতা অৰ্হন দীপ শইকীয়া, সাধুকোৱা প্ৰতিযোগিতা শিশু সন্নিধি কাশ্যপে পৰিচালনা কৰে।তাৎপৰ্যপূৰ্ণ যে শিশু সমাৰোহৰ মণ্ডপ,মঞ্চ আদিও শিশু সকলে সজাই তুলিছে।সমাৰোহখনত পাঁচ শতাধিক শিশুৱে অংশগ্ৰহন কৰে।













