‘কা’ সমৰ্থনকাৰীৰ অপৰিছন্ন মন পৰিস্কাৰ কৰাৰ লক্ষ্যৰে মহিলাই চলালে চাফাই অভিযান
ASSAM TIMES POST
নগাঁও: নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত আজিও অব্যাহত আছে ‘কা’ বিৰোধী আন্দোলন। নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি মহিলাসকলে ‘কা’ৰ বিৰুদ্ধে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে।
‘কা’ সমৰ্থনকাৰী সকলৰ অপৰিছন্ন মন পৰিস্কাৰ কৰাৰ লক্ষ্যৰে মহিলা সকলে চলাই চাফাই অভিযান। ইয়াৰ আগতে জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত মহিলা সকলে এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। এই প্ৰতিবাদী সভাত সাত ভনীৰ প্ৰতিকী ৰূপত উত্তৰ-পূৰ্বাঞ্চল ঐক্যবদ্ধ হৈ থকাৰ সংকল্প গ্ৰহণ কৰে।
এই কাৰ্যসূচীত অংশগ্ৰহণ কাৰী মহিলা শক্তিয়ে বিভিন্ন শ্লোগান দি নগাঁৱৰ আকাশ বতাহ কঁপাই তোলে। মহিলা সকলে “নাৰী সমাজ ৰাজপথলৈ, সৰ্বানন্দৰ লাজ নাই”, ” সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ”, “জাতিদ্ৰোহী অতুল-কেশৱ মুৰ্দাবাদ”, “কা’ আমি নামানো ” আদি বিভিন্ন শ্লোগান দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।
প্ৰতিবাদী সভাখনত অংশগ্ৰহণ কৰি মহিলা নেত্ৰী অনিতা বৰকাকতিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক কঠোৰ সমালোচনা কৰি কয় যে “সৰ্বানন্দ সোনোৱাল আপোনাৰ প্ৰতি ৰাইজৰ আজি ইমান ক্ষোভ কিয়? আপোনাৰ বিৰুদ্ধে অসমৰ ৰাইজ কিয় আজি ৰাজপথলৈ ওলাই আহিছে। এই কথা আপুনি কি অনুভৱ কৰিব পৰা নাই। আপুনি কৈছে আন্দোলনকাৰী সকলে ‘কা’ বুজি নোপোৱাকৈয়ে আন্দোলন কৰিছে।
আমি আপোনাক প্ৰত্যাহ্বান জনাব বিচাৰোঁ যে আপোনাৰ যদি সৎ সাহস আছে, জাতিটোৰ প্ৰতি ন্যূনতম দায়বদ্ধতা আছে, তেন্তে আপুনি এটাও দাৰি কমা নকটাকৈ ‘কা’খন শুদ্ধ অসমীয়াত লিখি আমালৈ পঠিয়াই দিয়ক। আপুনি ভয়-ভাবুকি প্ৰলোভন আৰু মিথ্যাচাৰৰে আমাৰ মাজত বিভাজন আনিবলৈ চেষ্টা নকৰিব। নাৰী শক্তিৰ সংগ্ৰামত আপোনালোক ওফৰি যাব।” প্ৰসংগ ক্ৰমে মহিলা নেত্ৰী গৰাকীয়ে আৰু কয় যে”অসমৰ ভাষা-সংস্কৃতি ৰক্ষা কৰিবলৈ আমি মহিলা সকল ৰাজপথলৈ ওলাই আহিছোঁ।
আমাৰ এই সংগ্ৰাম অধিক শক্তিশালী ভাৱে আমি আগুৱাই লৈ যাম।” আন এগৰাকী মহিলা নেত্ৰী ৰিংকুমনি দত্তই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে “চৰকাৰৰ ভয়-ভাবুকিক আমি ভয় নকৰোঁ। অসমীয়া জাতিক সুৰক্ষিত কৰাৰ স্বাৰ্থত আমি ‘কা’ বিৰোধী আন্দোলন তীব্ৰতৰ কৰি তুলিম।”
অধিবক্তা পৰী কুমাৰী বৰুৱাই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় – “জাতিটো আজি সংকটৰ সন্মুখীন হৈছে। এই সময়ত আমি সকলোৱে মাৰ বান্ধি থিয় হৈ জাতিটো ৰক্ষাৰ বাবে শক্তিশালী আন্দোলন গঢ়ি তুলিব লাগিব।” এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বৰ্ণালী ভট্টাচাৰ্য্যই এটা বিপ্লৱী কবিতা আবৃত্তি কৰে।
কাৰ্যসূচীত ৰীণা দাস, অঞ্জলি কলিতা, বৰ্ণালী বৰুৱা আদিৰ লগতে নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰি শংকৰ শইকীয়া, সাধাৰণ সম্পাদক অমৰজ্যোতি ফুকনে ‘কা’ বিৰোধী বক্তব্য প্ৰদান কৰে। প্ৰতিবাদী সভাৰ অন্তত প্ৰতিবাদকাৰী মহিলা সকলে কা’ সমৰ্থন কাৰী সকলৰ সুমতি বিচাৰি হাতে হাতে ঝাৰু লৈ চাফাই অভিযান চলায়। ইয়াৰ উপৰি মহিলা সকলে জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত,জ্যেষ্ঠ নেতা ফনিভুষণ চৌধুৰীৰ ফটো ডাষ্টবিনত পেলাই অগপৰ তিনিও নেতাকে ঘৃণাৰে উপচাই পেলায়।
ইপিনে, দক্ষিণ পশ্চিম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি ডিমৌত কেবাটাও সংগঠনৰ সহযোগত ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি গল্পকাৰ শিবানন্দ কাকতিয়ে কয় যে ”কা’ই অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। আনকি, আইনখনৰ জৰিয়তে অসমৰ মানুহৰ মাজত বিভেদৰ বীজ সিচিব বিচাৰিছে। আমি সকলোৱে মিলি চৰকাৰৰ এই ষড়যন্ত্ৰ প্ৰতিহত কৰিব লাগিব।”
এই কাৰ্যসূচীত প্ৰাক্তন ছাত্ৰ নেতা অমৰজিত গোস্বামী, প্ৰাক্তন মন্ত্ৰী তথা অগপৰ জ্যেষ্ঠ নেতা উমেশ দাসকে ধৰি ভালে সংখ্যক বিশিষ্ট লোকৰ লগতে বিভিন্ন সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ কৰ্মকৰ্তা সকলে অংশগ্ৰহণ কৰে। আনহাতে, জিলাখনৰ ৰাইদঙীয়াতো নাগৰিক মঞ্চকে ধৰি স্থানীয় বিভিন্ন সংগঠনৰ সহযোগত বৃহত্তৰ ৰাইদঙীয়া অঞ্চলৰ ৰাইজে ‘কা’ বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।













