ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ গোলাঘাট নগৰৰ সমীপৰ শালমৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড৷ নিজ পুত্ৰই পিতৃক হত্যা কৰি পেলাই দিলে পুখুৰীত৷ অৱশেষত ১৯ দিনত উদ্ধাৰ হ’ল মৃতদেহ৷
প্ৰাপ্ত তথ্য অনুসৰি অঞ্চলটোৰ বুধুৱা কৰ্মকাৰ নামৰ লোকজন প্ৰায়ে পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল৷ যোৱা ১০ ডিচেম্বৰৰ নিশা বুধুৱাই পত্নীৰ সৈতে কাজিয়াত লিপ্ত থকা অৱস্থাত পুত্ৰ নিৰু কৰ্মকাৰে কাজিয়াৰ মাজত সোমাই পৰাত পুত্ৰ নিৰুৰ লগতো হতাহতিৰ সৃষ্টি হয়৷
পুত্ৰ নিৰুৱে পিতৃ বুধুৱা মুৰত খুন্দিয়াই দিয়াত মুৰ ফাটি যোৱাত থিতাতে মৃত্যু হয় বুধুৱাৰ৷ পিছত নিৰুৱে পিতৃৰ মৃতদেহটো ঘৰৰ ওচৰৰ এটা পুখুৰীলৈ দলিয়াই দি সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা কৰিছিল৷
কিন্তু ১৯ দিনৰ মুৰত একাংশ লোকে মৃতদেহটো পুখুৰীত ওপঙি থকা প্ৰত্যক্ষ কৰাৰ পাছত সমগ্ৰ ঘটনা পোহৰলৈ আহে৷ বৰ্তমানে আৰক্ষীয়ে নিৰুক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷













