
কেন্দ্ৰীয় চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানৰ সমীক্ষাত ৰাজ্যৰ তিনিখন পৌৰসভা ক্ৰমে গোলাঘাট,নগাঁও আৰু বঙাইগাঁও পৌৰসভাই “স্বচ্ছ চাৰভেকচণ বঁটা- ২০২৩”(Swachh Survekshan) লাভ কৰিবলৈ সক্ষম হয়। যোৱা ১১ জানুৱাৰীত নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ আৰু আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ৰাজ্যখনৰ বঁটা লাভ কৰা তিনিওখন পৌৰসভাৰ প্ৰতিনিধিয়ে এই বঁটা গ্ৰহণ কৰে ।

উল্লেখ্য যে একলাখ জনসংখ্যাৰ চহৰৰ শিতানত নগাঁও পৌৰসভাই ৰাজ্যখনৰ ভিতৰত স্বচ্ছ চহৰ হিচাপে ৰাজ্যিক পৰ্যায়ত “স্বচ্ছ চাৰভেকচন বঁটা-২০২৩” লাভ কৰাত নগাঁও পৌৰসভাৰ লগতে চহৰখনৰ বাসিন্দাসকল উৎফুল্লিত হৈ পৰে । আনহাতে ১১ জানুৱাৰীত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী হৰদ্বীপ সিং কুৰীৰ উপস্থিতিত নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ, উপ পৌৰপতি সীমান্ত বৰা আৰু কাৰ্যবাহী বিষয়া অনুৰণ মেধিয়ে কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ সচিব মনোজ যোশীৰ হাতৰ পৰা স্বচ্ছ চাৰভেকচণ বঁটা-২০২৩ গ্ৰহণ কৰে ।
আনহাতে এই বঁটা লাভ কৰি নগাঁও পৌৰসভাৰ উপপৌৰপতি সীমান্ত বৰাই কয় যে নগাঁও পৌৰসভাবাসীৰ আকুণ্ঠ সহযোগিতাৰ লগতে মহলা আয়ুক্ত- বিষয়া-কৰ্মচাৰী আৰু চফাই কৰ্মী সকলৰ ত্যাগ আৰু সেৱাৰ বাবে এই বঁটা লাভ কৰাটো সম্ভৱ হৈছে । নগাঁও পৌৰসভাৰ উন্নয়নত মনোনিৱেশ কৰি অহাৰ বাবে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শর্মাক উপ পৌৰপতি বৰাই কৃতজ্ঞতা জ্ঞাপন কৰে ।












