ASSAM TIMES POST
নগাঁওঃ নাগৰিকত্ব(সংশোধনী) আইন বাতিলৰ দাবীত সদৌ অসম সাংবাদিক সন্থা চমুকৈ ‘আজু’ৰ নগাঁও জিলা সমিতিৰ উদ্যোগত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়। অৱস্থান ধৰ্মঘট কাৰ্যসূচীত নগাঁও চহৰ আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ সাংবাদিক সকলৰ লগতে নগাঁও জিলা ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি,কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতি, নগাঁও জিলা সাহিত্য সভাৰ উপৰিও ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।আজুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া চন্দনজ্যোতি বৰা আৰু জিলা সমিতিৰ সভাপতি হৰেশ্বৰ বৰাই আঁত ধৰা ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি ‘আজু’ৰ কেন্দ্ৰীয় সভাপতি পংকজ কুমাৰ নাথে কয় যে-কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমৰ জনতাৰ স্বাভিমান,জাতীয় সত্বাক পদাঘাট কৰি নাগৰিকত্ব(সংশোধনী) আইন বলবৎ কৰিব বিচাৰিছে।চৰকাৰৰ এই জাতিদ্ৰোহী সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠন তথা অসমৰ ৰাইজে স্বত:স্ফূৰ্তভাবে আন্দোলন কৰিছে।সাংবাদিক সকলেও কলম এৰি ৰাজপথলৈ ওলাই আহিছে।
এইয়া সময়ৰ আহ্বান।সদৌ অসম সাংবাদিক সন্থাই পূৰ্বৰে পৰা এই আইনখনৰ বিৰুদ্ধে আন্দোলন কৰি আহিছে আৰু সজাগতাৰ সৃষ্টি কৰি আহিছে।অনাগত সময়তো বলিষ্ঠ ভাবে সংগ্ৰাম কৰি যাব। অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনত সাংবাদিক সকলে ৰাইজৰ পক্ষ লবই লাগিব। ধৰ্মঘটত কাৰ্যসূচীত ভাষন প্ৰদান কৰি নগাঁও জিলা সাহিত্যসভাৰ ভাৰপ্ৰাপ্ত সভাপতি থগিত মহন্তই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰ কয় যে-মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষনৰ জৰিয়তে অসমৰ ৰাইজৰ মাজৰ সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে।তেওঁ হয়তো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দি যোৱা সমন্বয়ৰ শিক্ষা গ্ৰহন কৰা নাই।কোবাইকটাৰ এগৰাকী নামঘৰীয়া অসুস্থ হওতে সেই অঞ্চলৰ মুছলমান লোকসকলে ধন সংগ্ৰহ কৰি তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰিছিল।এইয়াই সমন্বয়-ভাতৃত্ববোধৰ অসম।
ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰাই আওপকীয়াকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয় যে-যি জন ব্যক্তিৰ নিজৰ শিক্ষাগুৰুৰ প্ৰতি শ্ৰদ্ধা নাই,তেওঁ জনপ্ৰতিনিধি হিচাপে ৰাইজৰ প্ৰতি কি শ্ৰদ্ধা থাকিব সেইয়া সহজে অনুমেয়।নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদকদ্বয় ক্ৰমে গৌৰিশংকৰ শইকীয়া আৰু অমৰজ্যোতি ফুকনে ভাষন প্ৰসংগত কয় যে-বিজেপিৰ নেতা-কৰ্মী সকলে ৰাইজৰ বাবে আৱন্টিত বিভিন্ন আঁচনিৰ দোহাই দি ৰাইজক ‘কা’ বিৰোধী আন্দোলনৰ পৰা আতৰি আহিবলৈ ভাবুকি দিয়া বুলিও জানিব পৰা গৈছে।
কিন্তু সেই সকল নেতা-কৰ্মীয়ে হয়তো নাজানে যে চৰকাৰী আঁচনি ৰাইজৰ অধিকাৰ প্ৰাপ্য।এনে অধিকাৰৰ পৰা ৰাইজক বঞ্চিত কৰাৰ কাৰো সাহস নাই। আমি আমাৰ প্ৰাপ্যও লম আৰু নাগৰিকত্ব(সংশোধনী) আইনৰ বিৰুদ্ধে সংগ্ৰামো কৰিম।কাৰো প্ৰলোভনত আমি ভোল নাযাও আৰু কাৰো ভাবুকিত আমি ভীতিগ্ৰস্ত নহও। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি-সম্পাদকদ্বয় দীপমনি বৰা আৰু প্ৰাগজ্যোতিষ বনিয়াই কয় যে-অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সদায় সাংবাদিক সকলৰ লগত সদায় আছো,সদায় থাকিম।কেন্দ্ৰ আৰু ৰাজ্যৰ স্বেচ্ছাচাৰী চৰকাৰৰ ৰঙা চকুক আমি কেতিয়াও ভয় নকৰো।নাগৰিকত্ব(সংশোধনী) আইন বাতিল নোহোৱালৈকে আমি ক্ষান্ত নহও।
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ সম্পাদক জীতেন বৰাই অখিল গগৈকে ধৰি ‘কা’ বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ হোৱা সকলক মুক্তি দিবলৈ দাবী জনায়। প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কয় যে- ৰাইজৰ সামূহিক সিদ্ধান্তৰ বিৰুদ্ধে যোৱা জাতিদ্ৰোহী সকলক আমি চিনাক্ত কৰিব লাগিব।বৰুৱাই অসমৰ ৰাইজক বিশ্বাসঘাটকতা কৰা অগপৰ তিনি মন্ত্ৰী অতুল বৰা,কেশৱ মহন্ত,ফণীভূষন চৌধুৰী আৰু সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক বৰ্জন কৰিবলৈ সকলোকে আহ্বান জনায়।
বিশিষ্ট গল্পকাৰ শিবানন্দ কাকতি আৰু জ্যেষ্ঠ সাংবাদিক শৈলেন শইকীয়াই অসমৰ জাতীয় জীৱনৰ সংকট কালত সকলোকে একত্ৰিত হৈ থাকিবলৈ আহ্বান জনায়।ধৰ্মঘট কাৰ্যসূচীত সমাজসেৱী গিৰীশ দাস,সাংবাদিক ফাইজুৰ ৰহমান আদিয়ে ভাষন প্ৰদান কৰাৰ লগতে শিল্পী বিৰিঞ্চি বৰাই গীতৰে জাতিদ্ৰোহী নাগৰিকত্ব আইন বাতিলৰ দাবী উত্থাপন কৰে।ধৰ্মঘট কাৰ্যসূচীত অমৰজিৎ গোস্বামী,সাংবাদিক পলাশপ্ৰতীম হাজৰিকা,নগাঁও সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদকদ্বয় ক্ৰমে ৰুবুল কাকতি,গৌতম বৰা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও নগৰ সমিতিৰ সভাপতি কাশ্যপ ফুকন,যুটীয়া সম্পাদক বিচিত্ৰ দাস,আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় ছাত্ৰr একতা সভাৰ সম্পাদক পল বৰদলৈ,সাংবাদিক নিলোৎপল বৰা,ৰকিবুল ৱাহিদ,ভাস্কৰজ্যোতি শইকীয়া,থমাচ ভূঞা,ৰৌজ ভূঞা,বিজু গোঁহাই,চিংকু শইকীয়া,গোপাল ৰয়,মুকুল খান, প্ৰাণতোষ হাজৰিকা আদি উপস্থিত থাকে।













