ASSAM TIMES POST
নগাঁওঃ ৰাজ্যৰ শিক্ষা বিভাগত চৰম অৰাজকতা চলা পৰিলক্ষিত হৈছে। ডি এল এড শিক্ষা প্ৰদানৰ নামত কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে দুখীয়া শিক্ষাৰ্থীৰ ওপৰত লুণ্ঠন চলোৱাৰ অভিযোগ উঠিছে।
শেহতীয়াভাৱে নগাঁৱৰ ফৌজদাৰীপট্টিত থকা এখন জুনিয়ৰ কলেজে ডি এল এড পৰীক্ষাত উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰীৰ পৰা মাৰ্কশ্বীট প্ৰদানৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ কৰিছে শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলে।
শিক্ষাগ্ৰহণৰ বাবে শকত পৰিমাণৰ মাচুল আদায় লোৱাৰ পিছতো কলেজ কৰ্তৃপক্ষই পুনৰ কলেজ উন্নয়ণ পুঁজিৰ নামত মাৰ্কচিটৰ বিপৰীতে ধন সংগ্ৰহ কৰা কাৰ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।













