ASSAM TIMES POST
গুৱাহাটী : জাগীৰোডত বিজেপিৰ শান্তি সমদলত সমৰ্থক আনিবলৈ কাৰবি আংলঙৰ ১০০ টা বাছ ব্যৱহৃত হৈছে বুলি উত্থাপিত হোৱা অভিযোগ সন্দৰ্ভত আজি গুৱাহাটীত কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এক সংবাদ মেলৰ আয়োজন কৰে ৷
সংবাদ মেলত মুখ্য কাৰ্যবাহী সদস্য গৰাকীৰ সংগ দিয়ে মন্ত্ৰী পীয়ূজ হাজৰিকা, সাংসদ হৰেণছিং বে, আৰু ই-এম মঙলছিং তিমুঙে ৷ সংবাদমেলত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উত্থাপিত অভিযোগ খণ্ডন কৰি জাগীৰোডৰ শান্তি সমদলত কাৰবি আংলঙৰ ১০০ বাছেৰে সমৰ্থক নিয়াৰ কথা স্বীকাৰ কৰে ৷
ৰংহাঙে ইয়াৰ সপক্ষে যুক্তি দাঙি ধৰি কয়যে, কাৰবি আংলঙৰ সীমামূৰীয়া পৰিষদীয় সমষ্টি দুৱাৰ আমলা আৰু আমৰি পৰিষদীয় সমষ্টি দুটা ৰহা আৰু জাগীৰোডৰ নিকটৱৰ্তী, পৰিষদীয় সমষ্টি দুটাৰ পৰা লোকসকলে ৰহা আৰু জাগীৰোডত বজাৰ কৰিবলৈ আহে ৷ ইয়াৰোপৰি কাৰবি আংলঙ বিজেপিৰ দখলত ৷
বিজেপিয়ে গৰিষ্ঠ সংখ্যক আসন পাই কাৰবি আংলং স্বায়ত্ব পৰিষদৰ শাসন চলোৱাৰ লগতে বিধায়ক তথা সাংসদো বিজেপিৰ তেনে ক্ষেত্ৰত জাগীৰোডৰ সীমামূৰীয়া পৰিষদীয় সমষ্টি দুটাৰ পৰা বাছেৰে বিজেপি সমৰ্থক শান্তি সমদলত অংশ লোৱাটো কি বেয়া হৈছে ৷ কাৰবি আংলঙো অসমৰে অংগ ৷ অসমত কোনো বিভাজন ননাকৈ ২৪৪(ক) ৰূপায়ণৰ জৰিয়তে বৰ অসম গঢ়াৰ হে তুলিৰাম ৰংহাঙৰ সপোন বুলি কয় মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ৷ উল্লেখিত বাছ সমূহেৰে বিজেপিৰ সভাত বিজেপিৰ সমৰ্থক অনা হৈছিল তাত বাধা ক’ত বুলি প্ৰশ্ন কৰে তুলিৰাম ৰংহাঙে ৷













