ASSAM TIMES POST
নগাঁওঃ বছৰৰ অন্তিমটো দিনত চৰকাৰী কৰ্ম জীৱনৰ সমাপ্তি ঘটাই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিলে নগাঁও জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ চাৰি গৰাকী কৰ্মচাৰীয়ে । আজি জিলা উপায়ুক্ত কাৰ্য্যালয় সভাকক্ষত অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰী কেইগৰাকীক আনুষ্ঠানিক ভাবে বিদায় সম্বৰ্ধনা জনোৱা হয় ।
জিলা উপায়ুক্ত কাৰ্য্যালয় সভাকক্ষত অনুষ্ঠিত বিদায় সভাত চাৰি গৰাকী অৱসৰ প্ৰাপ্ত কৰ্মচাৰী ক্ৰমে আব্দুল মালেক, গোলাপ শইকীয়া, আৰফি বেগম আৰু অনিমা বৰদলৈক শৰাই, গামোচা আৰু মানপত্ৰৰে জিলা উপযুক্ত যাদৱ শইকীয়াই সম্বৰ্ধনা জ্ঞাপন কৰে ।
উল্লেখ্য যে, অৱসৰ প্ৰাপ্ত কৰ্মচাৰী কেইগৰাকীক এই অনুষ্ঠানতে পেঞ্চনৰ নথি-পত্র সমূহ প্ৰদান কৰা হয়। উপায়ুক্ত গৰাকীয়ে অৱসৰ প্ৰাপ্ত কৰ্মচাৰী কেইগৰাকীৰ সফল কৰ্ম জীৱনৰ সমাপ্তিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি তেওঁলোকৰ সু-স্বাস্থ্য কামনা কৰে। বিদায় সভাত উপায়ুক্ত কাৰ্য্যালয়ৰ সমূহ বিষয়া- কৰ্মচাৰী উপস্থিত থাকে।













