ASSAM TIMES POST
নগাঁওঃ অসম সাহিত্য সভাৰ আহ্বান ক্ৰমে নগাঁও জিলা সাহিত্য সভাই আজি নতুন বছৰৰ পহিলা দিনটোত পুৱা ১১ বজাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । নগাঁও জিলা সাহিত্য সভাৰ কাৰ্যালয় কমলা দেৱী তোদী স্মৃতি ভৱনৰ সন্মুখত জিলা সাহিত্য সভাৰ সদস্যসকলে মুখত ক’লা কাপোৰ বান্ধি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতা কৰি অবস্থান ধৰ্মঘট কাৰ্যসূচীৰে এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। জিলা সাহিত্য সভাৰ সম্পাদক মৃণাল হাজৰিকাই আঁত ধৰা প্ৰতিবাদী সভাত জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি থগিত মহন্ত,নবনিৰ্বাচিত সভাপতি পৰাণ কুমাৰ বৰুৱা, বিশিষ্ট সাহিত্যিক ডঃ থুনু কলিতা, ৰেৱত হাজৰিকা, কবি দিপ্তী বৰা শইকীয়া,আবুল খায়েৰ আহমেদ আদিয়ে ভাষনত নাগৰিকত্ব সংশোধনী আইনে কেনেদৰে অসম,অসমীয়া জাতি, ভাষা সংস্কৃতি আদিৰ বিস্তৰ ক্ষতি সাধন কৰিব সেয়া ব্যাখ্যা দাঙি ধৰে ।ভাষন প্ৰসংগত বক্তাসকলে কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বক ভাবে জাপি দিয়া আইনখন অসমৰ জনসাধাৰণে মানি নলয় বুলি উল্লেখ কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসম সাহিত্য সভাৰ লগতে নগাঁও জিলা সাহিত্য সভা দীঘলীয়া আন্দোলনৰ বাবে সাজু বুলিও মন্তব্য কৰে। আনহাতে জিলা সাহিত্য সভাই সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনোৱা সকলো কাৰ্যসূচীৰ অংশীদাৰ হব বুলিও প্ৰকাশ কৰে। দিনৰ ১ বজাত সামৰনি পৰা ধৰ্মঘট কাৰ্যসূচীত জিলা সাহিত্য সভাৰ সদস্য কুমুদ বৰা,বিনু লস্কৰ ঠাকুৰীয়া,দেৱেন বৰদলৈ,বিশিষ্ট সাহিত্যিক ভবেশ মেধিকে ধৰি দুকুৰিৰো অধিক সদস্যই অংশগ্ৰহণ কৰে ।













