ASSAM TIMES POST
আছিফ আলি,শিৱসাগৰ : শিৱসাগৰ জিলাৰ শৈক্ষিক ক্ষেত্ৰখনত নতুন উদ্দীপনা সঞ্চাৰৰ এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰিলে শিৱসাগৰৰ উপায়ুক্ত ডাঃ এছ লক্ষ্মীপ্ৰিয়াই। নৱবৰ্ষৰ প্ৰথম দিনটোত ছাত্ৰ-ছাত্ৰীসকলক নতুন পাঠ্যবৰ্ষৰ শ্ৰেণীকোঠালৈ উষ্ম আদৰণিৰে জিলাখনৰ প্ৰতিখন বিদ্যালয়তে আজি উদযাপিত হ’ল এক বিশেষ উৎসৱ। 
উপায়ুক্ত তথা আইএএছ বিষয়াগৰাকীৰ পৰিকল্পনাৰে ‘ছৌলফুল শিৱসাগৰ’ প্ৰকল্পৰ অংশ হিচাপে শিৱসাগৰ জিলাৰ বিদ্যালয়ে বিদ্যালয়ে পহিলা জানুৱাৰীত ‘প্ৰৱেশোৎসৱ- বিদ্যাৰম্ভৰ উৎসৱ’ শীৰ্ষক অনুষ্ঠান আয়োজন কৰি শিক্ষাৰ্থীসকলক বিদ্যালয়লৈ আদৰা হয়। জিলা প্ৰশাসনৰ তদাৰকীতাত আৰু স্থানীয় ৰাইজ তথা অভিভাৱকৰ সহযোগত বিদ্যালয় পৰিচালনা সমিতি (এছএমচি)সমূহে নিজ নিজ শিক্ষানুষ্ঠানত বৰ্ণাঢ্য কাৰ্যসূচী আয়োজন কৰি এই বিদ্যাৰম্ভণিৰ উৎসৱ উদযাপন কৰে। উপায়ুক্ত ডাঃ লক্ষ্মীপ্ৰিয়াই বুধবাৰে পুৱা শিৱসাগৰ সদৰৰ লক্ষিমী নগৰ মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা আনুষ্ঠানিক ভাৱে এই ‘প্ৰৱেশোৎসৱ – বিদ্যাৰম্ভ উৎসৱ’ উদ্বোধন কৰে।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি উপায়ুক্ত গৰাকীয়ে নিজে বিদ্যালয়খনৰ প্ৰতিটো শ্ৰেণীকোঠাৰ প্ৰৱেশদ্বাৰত ৰঙাফিটা কাটি স্কুলীয়া শিক্ষাৰ্থীসকলক নতুন পাঠ্যবৰ্ষলৈ স্বাগতম জনায়। ইয়াৰ পূৰ্বে জিলা প্ৰশাসনৰ মূৰব্বী আইএএছ বিষয়াগৰাকীয়ে বিদ্যালয়খনৰ প্ৰাতঃ সভাত ভাগ লৈ শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলক নৱবৰ্ষৰ ওলগ-শুভেচ্ছা জ্ঞাপন কৰে। জিলা প্ৰশাসনৰ এই অভিনৱ শৈক্ষিক কাৰ্যসূচী শুভাৰম্ভ কৰি উপায়ুক্ত গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক একাগ্ৰতা আৰু মনোযোগেৰে অধ্যয়নত মনোনিবেশ কৰিবলৈ উৎসাহিত কৰে। শৈক্ষিক জীৱনত কঠোৰ পৰিশ্ৰমৰ দ্বাৰাহে ভৱিষ্যত জীৱন সুন্দৰ হয় বুলি দোহাৰি তেওঁ শিক্ষাগুৰু আৰু অভিভাৱকসকলকো ছাত্ৰ-ছাত্ৰীসকলক উজ্জ্বল ভৱিষ্যতৰ বাবে প্ৰয়োজনীয় দিহা-পৰামৰ্শ আৰু দিশা-নিৰ্দেশনা প্ৰদানৰ আহ্বান জনায়।
ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নৰ সমান্তৰালকৈ ক্ৰীড়া, সাহিত্য চৰ্চা, সুকুমাৰ কলা আদি শিক্ষাৰ আনুসংগিক দিশসমূহতো সক্ৰিয় অংশগ্ৰহণেৰে নিজকে সকলো দিশতে পাৰদৰ্শী কৰি তোলাৰ বাবেও আহ্বান জনায়। এই অনুষ্ঠানতে উপায়ুক্তগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিনামূলীয়া পাঠ্যপুথিও বিতৰণ কৰে। শিক্ষাৰ্থীসকলেও অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী পৰিবেশন কৰি উপায়ুক্তৰ লগতে অতিথি, শিক্ষাগুৰু আৰু অভিভাৱকসকল মোহিত কৰি তোলে। পাছত উপায়ুক্ত ডাঃ লক্ষ্মীপ্ৰিয়াই লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন, ১নং আমগুৰি প্ৰাথমিক বিদ্যালয়, ৰূদ্ৰসাগৰ প্ৰাথমিক বিদ্যালয় আৰু মগৰহাট জ্ঞান বিকাশ হাইস্কুলতো এই বিদ্যাৰম্ভ উৎসৱৰ কাৰ্সূচীত অংশগ্ৰহণ কৰি শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলক উৎসাহিত কৰে।
উল্লেখ্য যে, ‘ছৌলফুল শিৱসাগৰ’ প্ৰকল্পৰ অধীনত আজি জিলাখনৰ সকলো বিদ্যালয়তে নতুন বছৰৰ প্ৰথমদিনা শ্ৰেণীকোঠালৈ ছাত্ৰ-ছাত্ৰীসকলক আদৰিবলৈ ‘প্ৰৱেশোৎসৱ- বিদ্যাৰম্ভ উৎসৱ’ৰ আয়োজন কৰা হয়। এই উৎসৱৰ অংশ হিচাপে শিক্ষাৰ্থী সকলক নতুন শিক্ষাবৰ্ষৰ আৰম্ভণিৰ দিনটোতে একাগ্ৰতা আৰু মনোযোগেৰে শিক্ষাগ্ৰহণৰ দিশত উৎসাহিত কৰাৰ লক্ষ্যৰে প্ৰতিখন বিদ্যালয়তে পুৱা স্কুলৰ পতাকা উত্তোলন, নতুন পাঠ্যবৰ্ষত শ্ৰেণীকোঠাৰ প্ৰৱেশদ্বাৰ ফিটা কাটি মুকলি কৰা, ছাত্ৰ-ছাত্ৰীৰ মাজত মিঠাই, ফলাহাৰ বিতৰণ আৰু বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰা হয়।













