
কাৰাগাৰত ৬৩ জন কয়দীৰ দেহত (Bodies of 63 prisoners) এইচআইভি পজিটিভ (HIV positive) ধৰা পৰিছে। লক্ষ্ণৌ জিলা কাৰাগাৰত (Lucknow District Jail) সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে, ২০২৩ চনৰ ডিচেম্বৰ মাহত কাৰাগাৰখনত স্বাস্থ্য পৰীক্ষাৰ সময়ত এই তথ্য পোহৰলৈ আহিছে। কাৰাগাৰ কৰ্তৃপক্ষৰ মতে, যিসকলৰ এইচআইভি ভাইৰাছ ধৰা পৰিছে তেওঁলোকৰ অধিকাংশৰে ড্ৰাগছ আসক্তিৰ ইতিহাস আছে।

কৰ্তৃপক্ষৰ মতে, জে’লৰ বাহিৰৰ যিকোনো চিৰিঞ্জ বা বেজীৰ পৰা এই ভাইৰাছৰ সংক্ৰমণ তেওঁলোকৰ শৰীৰত সংঘটিত হৈছে। কাৰাগাৰত প্ৰৱেশ কৰাৰ পিছত তেওঁলোকৰ শৰীৰত এই ভাইৰাছ প্ৰৱেশ কৰা নাই বুলি দাবী কৰে। কাৰাগাৰ কৰ্তৃপক্ষই জনোৱা মতে, লক্ষ্ণৌৰ এখন চিকিৎসালয়ত নিয়মীয়াকৈ তেওঁলোকৰ চিকিৎসা চলি আছে। কিন্তু এই তথ্য পোহৰলৈ অহাৰ পিছত উদ্বেগ বাঢ়িছে। অৱশ্যে স্থানীয় প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি, বিগত কিছু বছৰত এইচআইভি সংক্ৰমণৰ বাবে কোনো লোকৰ মৃত্যু হোৱা নাই।












