
কাজিৰঙাত বনকৰ্মীক (Forest guard in Kaziranga) গঁড়ৰ আক্ৰমনৰ পাছতে এইবাৰ বোকাখাতত (At Bokakhat) অঘটন। বোকাখাত নগৰৰ সমীপতে থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী বন খণ্ডত বনৰীয়া হাতীৰ আক্ৰমণত (Attack by elephants) এগৰাকী মহিলা বনৰক্ষী আহত (Woman forest guard injured) হৈছে। বনৰক্ষী গৰাকীৰ নাম সংগীতা বৰা (Sangeeta Bora)। বোকাখাত পানবাৰীত হাতীৰ আক্ৰমনত মহিলা বনৰক্ষী সংগীতা বৰা। চাৰিজন পুৰুষ বনৰক্ষীসহ তিনিগৰাকী মহিলা বনৰক্ষী নিয়মীয়া পেট্ৰলিঙত হাবিৰ মাজেদি গৈ থকা অৱস্থাত হঠাতে এটা বনৰীয়া হাতীয়ে আক্ৰমণ কৰে দলটোক।

হাতীটোৱে আক্ৰমণৰ লক্ষ্য কৰি লয় মহিলা বনৰক্ষী সংগীতা বৰাক। বাকীসকলে হাতীটো খেদিবলৈ চিঞৰ বাখৰ কৰাৰ লগতে ব্লেংক ফায়াৰো কৰে। এই ঘটনাৰ বনৰক্ষী সংগীতা বৰাৰ এটা হাত ভগা বুলি সন্দেহ কৰাৰ লগতে মূৰ আৰু মুখত জখম হোৱা বুলি জানিব পৰা গৈছে। আহত সংগীত বৰাক ততাতৈয়াকৈ বোকাখাতৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালত ভৰ্তি কৰি চিকিৎসা আৰম্ভ কৰিছে। অৱশ্যে উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে। পূৱ অসম বন্যপ্ৰানী সংমদলৰ ডি এফ অ’ অৰুণ বিগ্নেশে চিকিৎসালয়ত উপস্থিত থাকি পৰিস্থিতি বুজ লৈ যথাবিহিত ব্যৱস্থাৰ আশ্বাস দিছে।













