ASSAM TIMES POST
নগাঁওঃ “সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে অসমৰ সৰ্বাঙ্গীন উন্নয়নৰ কাৰণে কাম কৰি আহিছে। ৰাজ্যৰ আন জিলাৰ লগতে নগাঁও জিলাতো অভূতপূৰ্ব কাম হৈছে।”- এই মন্তব্য নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ।
আজি নগাঁও চহৰৰ মৰিকলংস্থিত বিজেপিৰ জিলা কাৰ্যালয়ত অনুষ্ঠিত এক দলীয় সভাত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰি বিধায়ক শৰ্মাই লগতে কয়, আমাৰ দলৰ কাম-কাজ আৰু দলীয় নীতি-আদৰ্শৰ প্ৰতি ইতিমধ্যে বহু লোক আকৃষ্ট হৈছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত দেশৰ সামগ্ৰিক বিকাশ হৈছে।
যাৰ বাবে আন দলৰ লগতে কংগ্ৰেছ দলৰ বহু নেতা-কৰ্মী বিজেপিত যোগদান কৰিছে। আজিও নগাঁৱৰ প্ৰায় তিনি শতাধিক কংগ্ৰেছৰ নেতা-কৰ্মী যোগদান কৰাটোৱে দলটোৰ বাবে শুভ বাৰ্তা কঢ়িয়াই আনিছে। এতিয়া নতুন আৰু পুৰণা কৰ্মীয়ে মিলি জিলাখনত দলৰ ভেটি শক্তিশালী কৰাৰ লগতে উন্নয়নৰ দিশত আগুৱাই নিব লাগিব বুলি বিধায়ক গৰাকীয়ে মন্তব্য কৰে।

বিজেপি নেতা ডাঃ মুকুট দেৱনাথে আঁত ধৰা সভাত বিজেপিৰ নৱ নিযুক্ত জিলা সভাপতি অভিজিত নাথে অংশ লৈ কয় যে, কেন্দ্ৰ-ৰাজ্যৰ বিজেপি চৰকাৰে সবকা সাথ সবকা বিকাশ নীতিৰে কাম কৰিছে। দেশৰ উন্নয়ন দ্ৰুত গতিত চলিছে বুলি উল্লেখ কৰি তেওঁ কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষ সৰ্বশ্ৰেষ্ঠ দেশ হিচাপে পৰিগণিত হ’ব। এই সভাত নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত ৰঙাগড়া হুজ পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা যুৱ কংগ্ৰেছৰ উপদেষ্টা দিপু দাসৰ লগতে ৰঙাগড়া হুজ পঞ্চায়ত আৰু কাছমাৰী পঞ্চায়তৰ তিনি শতাধিক কংগ্ৰেছ কৰ্মী আজি আনুষ্ঠানিক ভাবে বিজেপিত যোগদান কৰে।
এই সভাত নগাঁও পৌৰসভাৰ পৌৰপতি দিগন্ত দাস, নগাঁও জিলা পৰিষদৰ সভাপতি মুনমুন দাস বৰা, কাছমাৰী জিলা পৰিষদৰ সদস্যা কাঞ্চন বৰদলৈ, প্ৰাক্তন জিলা সাধাৰণ সম্পাদক ৰঞ্জিত বৰদলৈ, বিজেপিৰ ৰাজ্যিক সম্পাদক দীপ্লু ৰঞ্জন শৰ্মাকে ধৰি বহু কেইগৰাকী নেতা-কৰ্মী উপস্থিত থাকে। উল্লেখ্য যে ৰাজ্যজুৰি ‘কা’ বিৰোধী আন্দোলন চলি থকাৰ মাজতে তিনি শতাধিক কংগ্ৰেছ কৰ্মী বিজেপিত যোগদান কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।













