![]()
কাৰ্বি আংলঙৰ PGR-VGR ভূমিৰ বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত অহা ১৯ ফেব্ৰুৱাৰীত আলোচনা অনুষ্ঠিত কৰিবলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা আমন্ত্ৰণ লাভ কৰাৰ পিছতে সাময়িকভাৱে প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰাখিছে যোৱা বৃহস্পতিবাৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত দুষ্কৃতিকাৰীৰ আক্ৰমণৰ সন্মুখীন হোৱা ASDC Youth Front আৰু কাৰ্বি ছাত্ৰ সন্থাই।

ডিফুত ASDC ৰ কেন্দ্ৰীয় কাৰ্যালয়ত সংবাদ মেল আয়োজন কৰি এই কথা উল্লেখ কৰে সংগঠনসমূহৰ নেতৃত্বই। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সৈতে আলোচনাৰ অন্তত ২০ ফেব্ৰুৱাৰীত কাৰ্বি আংলঙৰ সকলো দল, ছাত্ৰ সংগঠন, সামাজিক সংগঠনৰ নেতৃত্বৰ মাজত আলোচনাত অনুষ্ঠিত হ’ব।
কাৰ্বি আংলং পৰিষদৰ সৈতে হোৱা আলোচনা সফল নহ’লে পুনৰ শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক আন্দোলন চলাই যাব প্ৰতিবাদী সংগঠনসমূহে।কাৰ্বি আংলঙত কোনো ধৰণৰ বন্ধ ঘোষণা কৰা হোৱা নাই বুলি উল্লেখ কৰি এই বন্ধ স্বতঃস্ফূৰ্তভাৱে হোৱা বুলি কয় প্ৰতিবাদীসকলে। সংবাদ মেলত আক্ৰমণ সংঘটিতৰ সবিশেষ উল্লেখ কৰা হয়।ইফালে, ডিফু বজাৰ কমিটিৰ আহ্বানক্ৰমে আজি আংশিকভাৱে ডিফুৰ দৈনিক বজাৰ খোলা পৰিলক্ষিত হয়। আনহাতে বজাৰ বন্ধ কৰিবলৈ অহা দুজনমান যুৱকক আৰক্ষীয়ে আটক কৰে।












