ASSAM TIMES POST
মোৰ পুত্ৰৰ বলিদান অথলে নাযায়,’কা’ বাতিল হবই লাগিব:শ্বহীদৰ মাতৃ
ডিব্ৰুগড় : পুত্ৰশোকত দগ্ধ হৈ যেন ভিতৰি ভিতৰি বুকুখন জ্বলি জ্বলি শেষ হৈ গৈছে তেওঁৰ।এগৰাকী তেজাল,সুঠাম যুৱ পুত্ৰক অকালতে হেৰুৱাৰ মৰ্ম বেদনা কোনে বুজিব?হিয়াভগা মাতৃগৰাকীৰ কান্দোনে সকলো বিবেকবান,হৃদয়বান লোকৰ যেন চকুলো বুৱাই নিব।হৃদয় উচুপি উচুপি মাতৃগৰাকীয়ে আজি সাংবাদিকৰ আগত কৈ গল- মোৰ পুত্ৰৰ মৃত্যু অথলে নাযায়,ভুগিব লাগিব;’কা’ বাতিল হবই লাগিব।

ঘৰৰ পৰা ওলায় যাঁওতে মোৰ তেজাল লৰাটোৱে সোনকালেই ঘৰলৈ আহিম বুলি কৈ গৈছিল।কিন্তু সি তেজ-মঙহৰ মানুহ হৈ নাহিল, আহিল এক নিঠৰ দেহা লৈ!তাৰ গোটেই মোৰটোত যেন প্ৰচণ্ড আঘাটৰ চিন।বুকুত আঘাট পাইছে।তলপেটত প্ৰহাৰ কৰা দুটা দাগ সুস্পষ্ট।হাত-ভৰি সকলোতে আঘাটৰ চিন।ঘৰলৈ সি মোৰ তেজাল পুত্ৰ হৈ ঘূৰি নাহিল বুলি কৈ হুক হুকাই কান্দি উঠিল মাতৃ ভাগ্যশ্বৰী।
হয়,সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড়তো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সবল প্ৰতিবাদ হৈছিল।সকলোতে যেন ক্ষোভৰ দাবানল।সেই তেতিয়াই যোৱা ১২ ডিচেম্বৰৰ নিশা ডিব্ৰুগড়ৰ মিলন নগৰত অৱস্থিত বিষ্ণু মন্দিৰৰ সমীপত গোপাল পাংগিঙ আৰু ভাগ্যশ্বৰী পাংগিঙৰ পুত্ৰ দ্বিজেন্দ্ৰ পাংগিঙ নামৰ যুৱকজনক আৰক্ষীয়ে বেয়াকৈ প্ৰহাৰ কৰাৰ ফলতে মৃত্যু হোৱা বুলি আজি মাতৃগৰাকীয়ে পুনৰাই গুৰুতৰ অভিযোগ কৰি কয় যে উক্ত দিনা নিশা তাক পুলিছে বেয়াকৈ মাৰ-ধৰ কৰে বুলি মবাইলত ফোন কৰি ঘৰত জনাইছিল।
আনকি শিলগুতি-ইটাৰে মুৰত মাৰি দিয়াত সি অচেতন হৈ পৰি যায়।পিছত তাৰ বন্ধু এজনে বহু কষ্টৰে বাইকত ঘৰলৈ লৈ আহে।অলপ শুই চিকিৎসকৰ ওচৰলৈ যাম বুলি কোৱাৰ পিছত আৰু সি নুঠিল।সাৰেই নেপালে দ্বিজেন্দ্ৰই।এই বুলি কৈ মাতৃগৰাকীয়ে বহু পৰ তভক মাৰি কান্ধি উঠি পুনৰাই কয় যে ডিব্ৰুগড়ৰ বগীবিলত নিজাববীয়াকৈ বতা চৰাই ফাৰ্ম খুলি নিজ সৰু পৰিয়ালটো পোহ-পাল দিছিল শ্বহীদ দ্বিজেন্দ্ৰই।
এতিয়া আৰু সি নাই!আমাক চাব কোনে?কিয় তাক মৰিয়াই মৰিয়াই হত্যা কৰা হল?অপৰাধ কি আছিল তাৰ?নামানো আমি কোনো কা বা কেব!যাৰ বাবে মোৰ লৰাৰ মৃত্যু হল বুলি উচুপি উচুপি কান্দি মাতৃগৰাকীয়ে আজি নিজ গৃহত সাংবাদিকৰ আগত বিবৰি কয়।পুত্ৰশোকত দগ্ধ এগৰাকী মাতৃৰ মৰ্মবেদনা কেনেকুৱা হব পাৰে সেয়া হুক হুকাই কান্দি উঠা মাতৃ গৰাকীৰ মুখখনে যেন চিঞৰি চিঞৰি বাৰে বাৰে কৈছে।মই এতিয়া কি কৰিম?দিশহাৰা মাতৃৰ প্ৰশ্ন?বোৱাৰী আৰু নাতিৰ দ্বায়িত্ব ল’ব কোনে?দ্বিজেন্দ্ৰৰ নাছিল কোনো চাকৰি।
বানেধোৱা ডিব্ৰুগড়ৰ কলাখোৱা জাঁজিমুখৰ দ্বিজেন্দ্ৰৰ ঘৰখনৰ অৱস্থা সঁচাই অবৰ্ণনীয়।যেনে তেনে সৰু সুৰা উপাৰ্জন এটাৰে চলাই আছিল ঘৰখন দ্বীজেন্দ্ৰই।পিতৃ গোপাল পাংগিঙৰো আজি দীৰ্ঘদিন ধৰি পেৰেলাইচিছ ৰোগত আক্ৰান্ত।শ্বহীদ গৰাকীৰ পত্নী মধুস্মিতা আৰু ১১ বছৰীয়া একমাত্ৰ নাতিনী উজ্বয়িনীক লৈ এতিয়া দুৰ্ভগীয়া মাতৃ যেন দিশহাৰা হৈ পৰিছে।সন্মুখত যেন এক বৃহৎ প্ৰত্যাহবান।নাগৰিকত্ব সংশোধনী বিৰোধী আন্দোলনত শ্বহীদ হোৱা ডিব্ৰুগড়ৰ দ্বিজেন্দ্ৰ পাংগিঙৰ কালিলৈ ৰাজহুৱা আদ্যশ্ৰাদ্ধ।
আনহাতে আজি পৰ্যন্ত জিলা প্ৰশাসন,চৰকাৰ বা কোনো ৰাজনৈতিক দলৰ লোকে খবৰ লোৱাৰ আহৰি নহল বুলিও মাতৃগৰাকীয়ে অভিযোগ কৰে।অবশ্যে প্ৰাক্তন কংগ্ৰেছৰ সাংসদ পৱন সিং ঘাটোৱাৰে পৰিয়ালটোৰ অৱস্থাৰ বুজ লয়। দুৰ্ভগীয়া মাতৃগৰাকীয়ে কান্দি কান্দি সকলোকে আহ্বান জনায় কয় যে- আমাক কেতিয়াও ‘কা’ নালাগে।’কা’ বিৰোধী আন্দোলনত শ্বহীদ হোৱা দিপাঞ্জল দাস,ছেম ষ্টেফৰ্ড,ঈশ্বৰ নায়ক,আব্দুল আলীম সহ ডিব্ৰুগড়ৰ কলাখোৱা জাঁজিমুখৰ গোপাল পাংগিঙ আৰু ভাগ্যশ্বৰী পাংগিঙৰ পুত্ৰ দ্বিজেন্দ্ৰ পাংগিঙে শ্বহীদ বৰন কৰিছিল।আজি অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক উদয়ন কুমাৰ গগৈয়েও শ্বহীদ জনৰ বাসগৃহত উপস্থিত হৈ কয় যে অকাল মৃত্যু আৰু অৰ্থপূৰ্ণ মৃত্যু ৰ পাৰ্থক্য আছে।দ্বিজেন্দ্ৰ পাংগিঙৰ অৰ্থপূৰ্ণ মৃত্যু হৈছে। আৰক্ষীৰ বৰ্বৰতাক গৰিহনা দি দুৰ্ভগীয়া পত্নী, ৰুগীয়া পিতৃ আৰু কণমানি কন্যাৰ ভৰণপোষনৰ লগতে চৰকাৰক এককালীন সাহাৰ্যৰ দাবী জনায় যুৱ নেতাগৰাকীয়ে।













