ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ মাছ মাৰিবলৈ গৈ ভাৰত পাকিস্তানৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰি পাকিস্তানী নৌ সেনাৰ জালত পৰা গোলাঘাটৰ সীমান্ত শইকীয়াক সোমবাৰে পাকিস্তানে চমজাই দিয়ে ভাৰতক। গোলাঘাটৰ মেৰাপানী নৱগ্ৰামৰ প্ৰদীপ শইকীয়াৰ পুত্ৰ সীমান্ত শইকীয়াই ২০১৮ চনৰ ২৮ অক্টোবৰত গুজৰাট এখন মাছমৰীয়া জাহাজত সাগৰৰ মাজত মাছ মাৰিবলৈ বুলি ওলাই যোৱাৰ পাছত বন্দী হৈছিল পাকিস্তানী নৌ সেনা বাহিনীৰ হাতত৷ সাগৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰাৰ ফলত পাকিস্তানী সৈন্যই বন্দী কৰা ২০ জন মাছমৰীয়াৰ লগতে আছিল গোলাঘাটৰ সীমান্ত।
এই খবৰ লাভ কৰি সীমান্তৰ পৰিয়াল বৰ্গৰ লগতে অঞ্চলটিৰ জনতা শোকত ভাগি পৰিছিল। তেনে সময়তে খুমটাইৰ বিধায়ক মৃণাল শইকীয়া সীমান্ত শইকীয়াৰ বিষয় সন্দৰ্ভত অসম বিধানসভাৰ মজিয়াত দুবাৰ প্ৰশ্ন উত্থাপন কৰে৷ অসমৰ গৃহ বিভাগৰ লগতে কেন্দ্ৰীয় গৃহ বিভাগক পাকিস্তানী সৈন্যই বন্দী কৰা ২০ জনৰ লগতে সিমান্ত শইকীয়াৰ মুক্তি ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবী তোলে৷ বিধায়ক শইকীয়াই অসম চৰকাৰক বিষয়টো দৃষ্টিগোচৰ কৰিবলৈ অসম বিধানসভাৰ ১১৬ নং প্ৰশ্নৰ উত্তৰত অসম চৰকাৰৰ গৃহ বিভাগে সীমান্ত শইকীয়াৰ মুক্তিৰ বাবে ব্যবস্থা গ্ৰহন কৰিব বুলি প্ৰকাশ কৰি আৰক্ষীৰ বিশেষ সেৱাৰ চিঠি নং SB VII/573/2019/2 আৰু প্ৰয়োজনীয় সকলো ব্যৱস্থা লোৱা হ’ব বুলি উল্লেখ কৰিছিল।
সেইমৰ্মেই অতি খৰতকীয়াকৈ ভাৰত চৰকাৰৰ গৃহ বিভাগৰ লগতে বৈদেশিক মন্ত্ৰণালয়ে অতি ক্ষীপ্ৰতাৰে পাকিস্তানী কাৰাগাৰত বন্দিত্ব জীৱন কটোৱা সীমান্তৰ লগতে আন কেইজনকো আজি ভাৰত পাকিস্তানৰ ৱাঘা সিমান্তত এক অনুষ্ঠানৰ মাজেৰে মুকলি কৰি দিয়ে। এই ক্ষেত্ৰত বিধায়ক শইকীয়াৰ লগতে বিজেপি নেতা জয়ন্ত কুমাৰ গোস্বামীৰ আন্তৰিক প্ৰচেষ্টাত মাত্ৰ এটা বছৰতে পাকিস্তানত কাৰাবন্দী হৈ থকা সীমান্ত স্বদেশলৈ ঘুৰি আহিবলৈ সক্ষম হ’ল বুলি পৰিয়ালৰ লোকে প্ৰকাশ কৰি বিধায়ক গৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰিছে।













