ASSAM TIMES POST
নগাঁওঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আৰু অখিল গগৈকে ধৰি ‘কা’ বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ হোৱা সকলৰ নি:চৰ্ত মুক্তিৰ দাবীত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাওঁ জিলা সমিতিৰ উদ্যোগত নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়।ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলে ‘কা’ বাতিল কৰক, ‘কা’ আমি নামানো, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী হুচিয়াৰ, সৰ্বানন্দ সোনোৱাল হুচিয়াৰ, অতুল-ফণী- কেশৱ হুচিয়াৰ, কৃষক ৰাইজ জাগিছে জাগিবই আদি বিভিন্ন শ্লোগানেৰে নগাঁৱৰ পৰিৱেশ উত্তাল কৰি তোলে।
এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি অনিল বড়োৱে বলপূৰ্বক ভাৱে কা জাপি দিয়াৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে,-‘কা’ৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে অসমীয়া জাতিক নিঃশেষ কৰিব বিচাৰিছে। কেন্দ্ৰীয় চৰকাৰৰ এই ষড়যন্ত্ৰত ভৰি দি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে অসমৰ ৰাইজক চূড়ান্ত বিস্বাসঘাটকতা কৰিছে। চৰকাৰৰ এই ষড়যন্ত্ৰ আৰু বিশ্বাসঘাতকতাৰ যোগ্য প্ৰত্যুত্তৰ দিবৰ বাবে ৰাইজ সাজু থাকিব লাগিব।” নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত এই আন্দোলন চলি থাকিব বুলি বড়োৱে অসমবাসী ৰাইজক অধিক শক্তিশালী সংগ্ৰামৰ বাবে সাজু থাকিবলৈ আহ্বান জনায়। অৱস্থান ধৰ্মঘট কাৰ্যসূচীত ভাষন প্ৰদান কৰি কৃষক মুক্তিৰ নগাঁও জিলাৰ কাৰ্যকৰী সভাপতি অমৃত চাংমাই কয় যে,-” চৰকাৰে ৰঙা চকু দেখুৱাই আমাৰ সংগ্ৰাম দুৰ্বল কৰিব বিচাৰিছে। অসমৰ ইতিহাসে কয় অসমীয়া মানুহে কোনো দিনেই কাৰো ৰঙা চকুলৈ ভয় নকৰে।
কাৰো ভাবুকি, দমন নীতিলৈ ভয় নকৰে। ‘কা’ ৰ বিৰুদ্ধে চলি থকা আন্দোলন কোনেও মষিমূৰ কৰিব নোৱাৰে। বৰং অধিক শক্তিশালীহে হব।” অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশ গ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলাৰ সম্পাদক জিতেন বৰাই কয় যে, ‘কা’ ই আমাৰ ভাষা সংস্কৃতিৰ বিপন্ন কৰি তুলিব। সেয়ে কোনো কাৰণত আমি ‘কা’ নামানো। কা’ বাতিল হবই লাগিব। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা ডাঃ ৰিয়াজ উদ্দিন আহমেদে কয় যে,- ‘কা’ আমাৰ জাতীয় পৰিচয় হেৰুৱাব। এই কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ সহকাৰী সম্পাদক বাবা মহন্ত, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়া,পৰিষদৰ নগাঁও জিলা সমিতিৰ উপদেষ্টা মনোজ সিং ৰাজা, অনুচিত জাতি যুৱ পৰিষদৰ সভাপতি শ্যামন্ত বৰা,সাংবাদিক চন্দনজ্যোতি বৰা,কবি বুবুল শৰ্মা, গিৰীশ দাস,আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক পল বৰদলৈকে ধৰি নগাঁৱৰ কেইবাটাও জাতীয়-জনগোষ্ঠীৰ সংগঠনৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে। ইপিনে, কাইলৈ বৰ পাথৰি, জলাহ আদিৰ ৰাইজ আৰু স্থানীয় সংগঠনৰ সহযোগত শংকৰদেৱ উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ খেল পথাৰত ‘কা’ৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত হব। এই প্ৰতিবাদী সভাত অঞ্চলটোৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কুৰি খনৰো অধিক গাঁৱৰ লোকে অংশ গ্ৰহণ কৰিব। প্ৰতিবাদী সভাত আছু, যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন সংগঠনৰ বিষয় ববীয়া সকলে অংশ গ্ৰহণ কৰিব। কাইলৈ প্ৰতিবাদী সভা সফল কৰি তুলিবলৈ সকলো ৰাইজক উদ্যোগতা সকলে আহ্বান জনাইছে।













