ASSAM TIMES POST
নগাঁও: জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰীৰ ওপৰত কালি সন্ধিয়া এটা চক্ৰই আক্ৰমণ চলোৱা ঘটনাৰ প্ৰতিবাদত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ লগতে নগাঁও নগৰ সমিতিয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ জুমুঠি দাহ কৰে।
উল্লেখযোগ্য যে ,জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ আক্ৰমণৰ ঘটনাৰ লগত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্য জৰিত থকা বুলি চৰ্চিত হৈছে।আজি নগাঁও চহৰৰ পানীগাৱঁত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলে গৃহমন্ত্ৰী অমিত শ্বাহৰ জুমুঠি দাহ কৰে।
এই কাৰ্যসূচীত যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে দীপমনি বৰা,প্ৰাগজ্যোতিষ বনিয়া,উপদেষ্টা মনোজ সিংহ ৰাজা,নগৰ সমিতিৰ সভাপতি কাশ্যপ ফুকন,পৰিষদৰ নেতা হেমন্ত দাস আদি উপস্থিত থাকে।













