ASSAM TIMES POST
নগাঁওঃ নাগৰিকত্ব সংশোধনী আইন চমুকৈ “কা” বাতিলৰ দাবীত আজি নগাঁও জিলাৰ বৰপাঠৰি জলাহ উজৰা গাঁৱৰ শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এক বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত হয় । বৰপাঠৰি জলাহ উজৰা অঞ্চলৰ ৰাইজ আৰু স্থানীয় শিল্পী সমাজৰ উদ্যোগত অনুষ্ঠিত এই “গণহুংকাৰ” কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি গণশিল্পী সূৰ্য্য দাসে উদাত্ত ভাষণ আৰু গীতেৰে ৰাইজক জাতিৰ এই সন্ধিক্ষণত সকলোকে মাৰ -বান্ধি আইনখনৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান জনায় । শিল্পী গৰাকীয়ে চৰকাৰক সাৱধানবাণী প্ৰদান কৰি কয় যে আমাক চৰকাৰে কি বুলি ভাবে , চৰকাৰ বহুত চতুৰ , ইহঁতে অসমখন ধ্বংস কৰি পেলাবলৈ গৈ আছে ।
আমাৰ এই আন্দোলনই শেষ আন্দোলন । তেওঁ আৰু কয় যে অসমীয়া জাতিটোৰ গামোচাখনেই দেখুন কলি হৈছেগৈ, প্ৰতিশ্ৰুতিৰ গামোচোখন জাকে তাকে পিন্ধাই আমাৰ জাতিটোৰ দৰে গামোছাখনো ধ্বংস কৰিবলৈ গৈ আছে । আমাৰ নিজৰ মাটি কোনো বণিয়াক বিক্ৰী নকৰিব । তেওঁ চৰকাৰক সমালোচনা কৰি কয় যে চৰকাৰে এটকীয়া চাউল দি অসমৰ ডেকা ল’ৰাহতক কৰ্মবিহীন কৰি পেলালে বুলি বিশিষ্ট শিল্পীগৰাকীয়ে মন্তব্য কৰে । নগাঁও জিলা ছাত্ৰ সন্থাৰ সম্পাদক অমৰজ্যোতি ফুকনে প্ৰতিবাদী সভাত কয় যে সকলোৱে জাতিৰ এই মহাসংকটৰ সময়ত ঐক্যবদ্ধভাৱে সংগ্ৰাম অব্যাহত ৰাখি মিথ্যাচাৰী চৰকাৰখনৰ কোনো প্ৰলোভন আৰু দমন নীতিত ৰাইজক ভূল নাযাবলৈ আহ্বান জনায় । আমি আগৰে পৰা একেলগে আছোঁ আৰু একেলগেই থাকিম । অসমে কোনো বহিৰাগত শক্তিৰ আগত পূৰ্বৰে পৰা নতশিৰ হোৱা নাই আৰু কেতিয়াও নহয় ।
আমাৰ অসম কোনো অবৈধ বিদেশীৰ চৰণীয়া পথাৰ নহয় বুলি কৈ ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাচত অহা কোনোবা বিদেশী হিন্দুৱেই হওক অথবা মুছলমান কোনোৱেই যাতে অসমত সংস্থাপিত হ’বহি নোৱাৰে তাৰ বাবে তেওঁ ৰাইজক জাতিৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখন নিৰবচ্ছিন্নভাৱে চলাই যাবলৈ আহ্বান জনায় । তেওঁ চৰকাৰে উলিওৱা শান্তি সমদলৰ সন্দৰ্ভত ভাষণ প্ৰসংগত কয় যে হত্যা কৰি নিজে শান্তি সমদল পাতিবলৈ লাজ নোপোৱা এই হত্যাকাৰী চৰকাৰৰ শান্তি সমদল পতাৰ কোনো অধিকাৰ নাই বৰঞ্চ তেওঁ ৰাইজক চৰকাৰে শান্তি সমদল পাতি যোৱা ঠাইত পিছদিনা তুলসী পানী ছটিয়াই দিবলৈ আহ্বান জনায় । স্থানীয় শিল্পী তৰুণ শইকীয়াৰ বিপ্লৱী গীতেৰে আৰম্ভ হোৱা বিশাল প্ৰতিবাদী সভাখনত গৌৰৱ ডেকা নামৰ এজন স্থানীয় যুৱকৰ উদাত্ত ভাষনে প্ৰতিবাদী ৰাইজক মনত পেলাই দিলে মোগল সেনা অসমীয়া যুৱকৰ বীৰত্ব । যুৱকজনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনাৰে ভাষণ প্ৰদান কৰি কবিতাৰ মাধ্যমেৰে প্ৰতিবাদ সাব্যস্ত কৰে ।
এই প্ৰতিবাদী কাৰ্যসূচীত যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সম্পাদক প্ৰাগজ্যোতিষ বণিয়াই হিমন্ত বিশ্ব শৰ্মাক “শকুনি মামা “আখ্যা দি কয় যে সৰ্বানন্দই লগত থকা শকুনি মামাজনৰ মতেই সকলো কাম কৰি গৈছে আৰু অসমীয়া জাতিক মৃত্যুৰ মুখলৈ ঠেলি দিছে । চৰকাৰৰ জাতিটোক নিঃশেষ কৰাৰ কূটকৌশল আৰু চক্ৰান্ত বহু আগৰ পৰাই । আমাৰ ৰাইজে এতিয়া নিজ-নিজ গাঁৱে-ভূঞে যিবিলাক বিষধৰ সাপ পুহি ৰাখিছে সেইবিলাকক চিনাক্ত কৰি এটাই লক্ষ্য আৰু দৃষ্টিত ৰাখিব লাগিব যে আমি “কা “কেতিয়াও নামানো । বিজেপিয়ে ৰাষ্ট্ৰীয় পতাকাৰ তিনিওটা ৰং মচি গেৰুৱা কৰিব বিচাৰিছে বুলিও তেওঁ কয় । শিল্পী দিলীপ শইকীয়া আৰু অপূৰ্ব বৰবৰাই আঁত ধৰা প্ৰতিবাদী সভাখনত জ্যেষ্ঠ সাংবাদিক শৈলেন শইকীয়া , সাংবাদিক চন্দনজ্যোতি বৰাই জাতিধ্বংসী আইন খনৰ বিৰুদ্ধে ভাষণ প্ৰদান কৰে। সভাত বিভিন্ন জাতীয় সংগঠনৰ নেতা কৰ্মীৰ লগতে ভালকেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।













