
বুধবাৰে পুৱা ১০ বজাত খটখটীত আৰক্ষীৰ নাকা তালাচী (Police’s Naka Search in Khatkhati)ত বৃহৎ পৰিমাণৰ অবৈধ বাৰ্মিজ চিগাৰেটসহ (Illegal Burmese cigarettes seized) দুই সৰবৰাহকাৰীক আটক (Two traffickers arrested) কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

প্ৰাপ্ত খবৰ অনুসৰি খটখটীত আৰক্ষীৰ নাকা তালাচী কালক মণিপুৰৰ পৰা কলকাতা অভিমুখে গৈ থকা ডি ডি ০২ জি ৯৫৫৮ নম্বৰৰ ট্ৰাকত তালাচী চলাই ২৭ টা কাৰ্টুনত ১৩৫০ পেকেট অবৈধ বাৰ্মিজ চিগাৰেট উদ্ধাৰ (1350 packets of illegal Burmese cigarettes found in 27 cartoons) কৰিবলৈ সক্ষম হয়৷ অবৈধ চিগাৰেটখিনিৰ সৈতে জড়িত মহাৰাষ্ট্ৰৰ দুই সৰবৰাহকাৰী ক্ৰমে খলিল জমাদাৰ (৪০) আৰু দিগম্বৰ ভিবৰ়কাৰক আটক কৰে আৰক্ষীয়ে ৷

এছআই দ্বয় স্বমধন স্বৰ্গীয়াৰী, দীপক লাহন আৰু থানা ষ্টাফৰ সহযোগ উক্ত তালাচী অভিযান চলাইছিল ৷ এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷












