ASSAM TIMES POST
আছিফ আলি,শিৱসাগৰ
নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে দেশৰ অৰ্থনীতিৰ লগতে বিভিন্ন ক্ষেত্ৰত সন্মুখীন হোৱা বিফলতাসমুহ লুকুৱাই ৰখাৰ স্বাৰ্থত বিভিন্ন জনবিৰোধী নীতি গ্ৰহণ কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ বিৰোধীতা আৰু নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ট্ৰেড ইউনিয়ন সমুহে দেশজুৰি আহ্বান জনোৱা সাধাৰণ ধৰ্মঘট কাৰ্যসূচীলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে ৰাষ্ট্ৰীয় ডাক কৰ্মচাৰী ফেডাৰেচনে ।
আজি ডাক কৰ্মচাৰী ফেডাৰেচনৰ শিৱসাগৰ জিলা সমিতিয়ে দিনজোৰা ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি চৰকাৰে বলৱৎ কৰা সকলো জনবিৰোধী নীতিৰ লগতে অসমত “কা” বাতিল কৰি আন্ত:ৰাজ্যিক পাৰ-পত্ৰ’ৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰে ।













