ASSAM TIMES POST
শিৱসাগৰ: মোদী চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে আজি অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন আৰু বহু কেইটা সংগঠনে আহ্বান জনোৱা ভাৰত বন্ধত উজনিৰ তৈল নগৰী শিৱসাগৰৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাপক ৰূপত প্ৰভাৱিত হয়।

আই এন টি ইউ চি, এ আই টি উফ চি, চিটু, এ আই ইউ টি ইউ চি, এ আই চি চি টি ইউ আদিকে ধৰি কেইবাটাও সংগঠন আৰু সন্মিলিত মঞ্চই সমৰ্থন দিয়া এই বন্ধৰ সময় চোৱাত আজি শিৱসাগৰ নগৰ আৰু দাঁতি কাষৰীয়া অঞ্চলৰ বাট পথ জন শূণ্য হৈ থাকে।সমান্তৰাল ভাৱে দোকান পোহাৰ আদিও বন্ধ থাকে।৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথকে ধৰি প্ৰায় বোৰ পথতে যান বাহন চলাচল কৰা নাছিল বন্ধৰ ফলত তেল আৰু প্ৰাকৃতিক গেছ নিগম আৰু জিলা খনৰ চাহ বাগিচা সমূহৰ কাম কাজ ব্যাপক ৰূপত বাধা গ্ৰস্ত হয়।
জিলা খনত এই বন্ধৰ প্ৰায় সৰ্বাত্মক আছিল পুৱাৰ ভাগত বন্ধ সমৰ্থকে ঠায়ে ঠায়ে টায়াৰ জ্বলাই ৰাজপথলৈ ওলাই অহা দেখা গৈছিল। বন্ধৰ সময়ছোৱাত বেংক সেৱাতো প্ৰভাৱ পৰে। বেংক খণ্ডলৈ পৰিৱৰ্তনৰ নামত মোদী চৰকাৰে লোৱা আৰু শ্ৰম নীতিৰ বিৰোধিতা কৰি আজি বেংক কৰ্মচাৰী সকলে এই বন্ধৰ সমৰ্থনত ঠিয় হয়।একে দৰে ডাক কৰ্মচাৰী আৰু অন্যান্য শ্ৰমিক কৰ্মচাৰী সকলেও আজিৰ এই হৰতালত অংশগ্ৰহণ কৰি সমগ্ৰ দেশৰ লগতে শিৱসাগৰকো আচল কৰি তোলে।













