ASSAM TIMES POST
নগাঁও : সমগ্ৰ দেশজুৰি ১১ টাকৈ ট্ৰেড ইউনিয়নে আজি আহবান জনোৱা ভাৰত বন্ধৰ প্ৰভাৱ নগাঁও জিলাত সৰ্বাত্মক আছিল। শ্ৰমিকৰ প্ৰাপ্য, জাগীৰোড, কাছাৰ কাগজ কলকে ধৰি বন্ধ হৈ থকা ৰাজহুৱা খন্ডৰ উদ্যোগ সমূহ মুকলি কৰা, ‘কা’ বাতিলকে ধৰি কেবাটাও দাবীৰ সমৰ্থনত ট্ৰেড ইউনিয়ন সমূহে পালন কৰা বন্ধৰ সময়চোৱাত জিলাখনত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰে ।
জৰুৰীকালীন সেৱাৰ বাহিৰে জিলাখনৰ সকলোবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান, যান- বাহনৰ চলাচল বন্ধ থাকে । জিলা উপায়ুক্ত কাৰ্যালয়কে ধৰি সকলোবোৰ কাৰ্যালয় খোলা আছিল যদিও উপস্থিতিৰ হাৰ সেৰেঙা আছিল । পিকেটিংকাৰী সকলে চৰকাৰী কাৰ্যালয়লৈ যোৱা কৰ্মচাৰী সকলক বাধা প্ৰদান কৰা পৰিলক্ষিত হয় ।
বন্ধৰ সময়চোৱাত বেংককে ধৰি বিত্তীয় প্ৰতিষ্ঠান সমূহ বন্ধ আছিল । বন্ধৰ সমৰ্থক সকলে জখলাবন্ধা ৰেলষ্টেচনত শিলঘাট- গুৱাহাটী যাত্ৰীবাহী ৰেলগাড়ীখনৰ যাত্ৰাত বাধা প্ৰদান কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। পিছত আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ৰেলগাড়ীখনৰ চলাচলৰ ব্যৱস্থা কৰে। ৰেলৰ চলাচলত বাধা প্ৰদান কৰা ঘটনা সম্পৰ্কত আৰক্ষীয়ে চাৰিজনক আটক কৰে। আটক কৰা লোক কেইজন হৈছে- এ আই টি ইউ চিৰ ৰাতুল বৰা, এ আই চি চি টি ইউ দিতুমনি গগৈ, বসন্ত গোস্বামী, পবিত্র বিশ্বাস।













