
গোলাঘাট প্ৰেছ ক্লাবে আজি জিলাখনৰ কেইবাগৰাকীও সাংবাদিকলৈ ঘোষণা কৰা বিশেষ বঁটাত বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্তলৈ জীৱনজোৰা সাধনা বঁটা আৰু নিউজ লাইভৰ গোলাঘাট জিলাৰ ব্যুৰ’ চীফ, নিয়মীয়া বাৰ্তা কাকতৰ কাজিৰঙাৰ প্ৰতিবেদক তথা কাজিৰঙাৰ সাংবাদিক ৰঞ্জিত ৰজকলৈ সক্ৰিয় সাংবাদিকতা বঁটা আগবঢ়াইছে। এই খবৰে বোকাখাতৰ সাংবাদিক মহলত আনন্দৰ জোৱাৰ আনিছে।

সেয়েহে আজি বোকাখাতত দুয়ো গৰাকী সাংবাদিকক অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ তৰফৰ পৰা অনাড়ম্বৰ সম্বৰ্ধনা জনোৱা হয়। বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সম্পাদক নীলু আচাৰ্যই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য ৰাখে। উল্লেখ্য যে জ্যেষ্ঠ সাংবাদিক বুবুল দত্তৰ আজি জন্মদিনৰ দিনাই ঘোষণা হোৱা এই খবৰে সকলোকে আহ্লাদিত কৰিছে।
এখনি চেলেঙেৰে বুবুল দত্তক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ লগতে দুয়ো গৰাকী সাংবাদিকক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। “অসমীয়া খবৰ” কাকতৰ বোকাখাতৰ প্ৰতিবেদক বুবুল দত্ত এগৰাকী বিশিষ্ট সমাজকৰ্মী তথা বোকাখাতৰ পৰা প্ৰকাশিত সাপ্তাহিক”ৰাইজৰ খবৰ” কাকতৰ সম্পাদনা উপদেষ্টা হিচাবে কাৰ্য্যনিৰ্বাহ কৰি আছে। লগতে দত্ত জীৱনৰ এছোৱা সুদীৰ্ঘ সময়ৰ সাংবাদিকতাৰ বিভিন্ন অভিজ্ঞতাৰে পুষ্ট।

আৰু ৰঞ্জিত ৰজক এগৰাকী সক্ৰিয়, সাহসী আৰু দক্ষ সাংবাদিক হোৱাৰ হোৱাৰ লগতে সুন্দৰ কণ্ঠশিল্পী। ৰজক কাজিৰঙা সাংবাদিক সন্থাৰ সম্পাদক আৰু অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক। সম্বৰ্ধনা অনুষ্ঠানত বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ দুই বিষয় ববীয়া অজন্তা তালুকদাৰ আৰু মৃদুস্মিতা শৰ্মাকে ধৰি বহু কেইগৰাকী সাংবাদিক উপস্থিত থাকে।
অহা ২৩ জুনত গোলাঘাট প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তীৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হ’ব লগীয়া বিশেষ অধিৱেশনত এই বঁটা প্ৰদান কৰা হ’ব বুলি গোলাঘাট প্ৰেছ ক্লাবৰ সভাপতি, কাৰ্যকৰী সভাপতি আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ক্ৰমে দেৱজিৎ ফুকন, দিগন্ত কুমাৰ ভূঞা আৰু প্ৰবীণ কুমাৰ দাসে জানিবলৈ দিছে। বোকাখাতৰ সাংবাদিকৰ হৈ জিতু শৰ্মা ৰাজখোৱা আৰু নীলু আচাৰ্যই দুয়োগৰাকী সাংবাদিকক অভিনন্দন জনোৱাৰ লগতে গোলাঘাট প্ৰেছ ক্লাবলৈ ধন্যবাদ জ্ঞাপন কৰিছে।













