ASSAM TIMES POST
নগাঁওঃ সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ উদ্যোগত এক বিশাল প্ৰতিবাদী সমদল ওলায়।সমদলত সদৌ নগাঁও জিলা ছাত্র সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতি,শ্ৰীমন্ত শংকৰদেৱ সংঘ,চেন্ট্ৰেল ৰিপ্ৰজেন্টেটিভ ইউনিয়ন নগাঁও,নগাঁও উকীল সন্থা,সদৌ অসম অনুসূচিত জাতি সংগ্ৰাম পৰিষদ,ট্ৰাক চালক ইউনিয়ন,নগাঁও সাংবাদিক সমাজকে ধৰি বিভিন্ন দল- সংগঠনে অংশ গ্ৰহণ কৰে।নগাঁও মহাবিদ্যালয় চাৰিআলিৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদী সমদলটোত চাৰি সহস্ৰাধিক প্ৰতিবাদী জনতাই অংশগ্ৰহণ কৰে।সমদলকাৰী সকলে ‘আমি কা নামানো’,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল-মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা গ’ বেক,অতুল-কেশৱ-ফণীভূষণৰ লাজ নাই, অতুল-কেশৱ-ফণীভূষণক বৰ্জন কৰক আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে।সমদলটো নগাঁও মহাবিদ্যালয় চাৰিআলিৰ পৰা আৰম্ভহৈ ঢাকাপট্টি, বৰবজাৰ,খ্ৰীষ্টানপট্টি, মনসা মন্দিৰ চাৰিআলিহৈ নতুন বজাৰত সামৰণি পৰে।প্ৰতিবাদী সমদলটোৰ সমান্তৰালভাৱে এখন প্ৰতিবাদী সভাও অনুষ্ঠিত হয়।

প্ৰতিবাদী সভাত ভাষন প্ৰদান কৰি বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিয়ে কয় যে-অসমৰ ভাষা-সংস্কৃতি ৰক্ষাৰ বাবে অসমৰ ছাত্ৰ-যুৱ সমাজ আগুৱাই আহিছে।অসমৰ প্ৰতিগৰাকী পুৰুষ-মহিলাই তেওঁলোকৰ সাহস যোগোৱা উচিত আৰু সহযোগিতা কৰা উচিত।নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে আমাৰ ভাষা-সংস্কৃতিক ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ চলিছে সেইয়া আমি যি কোনো মূল্যৰ বিনিময়ত প্ৰতিহত কৰিবই লাগিব। সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সম্পাদক অমৰজ্যোতি ফুকনে ভাষন প্ৰসংগত বিজেপিয়ে শান্তি সমদল অনুষ্ঠিত কৰা স্থান তুলসী পানীৰে শুদ্ধ কৰাৰ আহ্বান জনায়।তেওঁ কয় যে- প্ৰতিবাদকাৰী নিৰস্ত্ৰ জনতাৰ ওপৰত আৰক্ষীৰ দ্বাৰা অত্যাচাৰ চলাই আৰু ৫ জনকৈ যুৱকক হত্যা কৰোৱা চৰকাৰখনৰ শান্তি সমদল অনুষ্ঠিত কৰাৰ কোনো নৈতিক অধিকাৰ নাই।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই আঁত ধৰা সভাখনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ সম্পাদক জীতেন বৰাই কয় যে শেষটোপা তেজ থকালৈকে আমি ‘কা’ বিৰোধী সংগ্ৰাম চলাই যাম।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দীপমনি বৰাই কয় যে ‘কা’ বিৰোধী সংগ্ৰামখন আৰু সংগ্ৰামী ৰাইজৰ বিৰুদ্ধে অপপ্ৰচাৰত লিপ্ত হোৱা জাতিদ্ৰোহী সকলক চিনাক্ত কৰি থওক।সময়ত আমি তেওঁলোকক যোগ্য প্ৰত্যুত্তৰ দিম।’ সাংবাদিক চন্দনজ্যোতি বৰাই ভাষন প্ৰসংগত কয় যে-সংগ্ৰামী ৰাইজৰ সপক্ষত বাতৰি প্ৰচাৰ কৰা সাংবাদিক সকলক শাসকীয় গোষ্ঠীৰ তৈল মৰ্দন কৰা সকলে দেশদ্ৰোহী সজোৱাৰ চেষ্টা কৰিছে।কিন্তু আমি কোনো পধ্যেই জাতিৰ স্বাৰ্থত আপোচ নকৰো।
জাতিৰ স্বাৰ্থত মাত মতাৰ বাবেই যদি আৰক্ষীয়ে অখিল গগৈক দেশদ্ৰোহী সজাই গ্ৰেপ্তাৰ কৰিব পাৰে, উচতনিমূলক বক্তব্য দিয়া বিজেপি বিধায়কক কিয় গ্ৰেপ্তাৰ নকৰে বুলিও সাংবাদিক বৰাই প্ৰশ্ন উত্থাপন কৰে।সভাত নগাঁও উকীল সন্থাৰ সভাপতি আবুল হাচিম খণ্ডকাৰ,বিশিষ্ট চিকিৎসক অজিত গোস্বামী,সমাজকৰ্মী হীৰকজ্যোতি ডেকা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা প্ৰদীপ শইকীয়াই ভাষন প্ৰদান কৰি কোনো কাৰনতে জাতিদ্ৰোহী নাগৰিকত্ব সংশোধনী আইন মানি নলও বুলি কয়।প্ৰতিবাদী সমদলত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ উপদেষ্টা দিগন্ত দাস,মনোজ সিংহ ৰাজা,মুকুট বৰা,পৰিষদৰ নগাঁও নগৰ সমিতিৰ সভাপতি কাশ্যপ ফুকন,সম্পাদক নয়ণজ্যোতি শইকীয়াও অংশগ্ৰহণ কৰে।













