
আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰি মুঠ ৬৮২৪৪১ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ ৬ নং ডিফু জনজাতি লোকসভা সমষ্টিৰ একমাত্ৰ সংসদ পদৰ বাবে ডিফুৰ ৫ মাইলস্থিত আইএছবিটিতো আৰম্ভ হৈছে ভোট গণনা ৷ প্ৰথমে আৰম্ভ হয় পোষ্টেল বেলটৰ গণনা ৷ ৫৫০৫ জন লোকে পোষ্টেল বেলেটৰে ভোটদান কৰিছিল ৷

ই টি পি বি এছ ৰ জড়িয়তে ১০১৮ জন ভোটাৰে ভোটদান কৰিছে ৷ ইয়াৰে ৬৬২ টা ই টি পি বি এছৰ ভোট আহি পালে ৷ ডিফুৰ আই এছ বি টিৰ ষ্টং ৰোমত ডিফু বিধানসভা সমষ্টিৰ ১৭ ৰাউণ্ডত ভোটগণনা হ’ব ৷ হাওৰাঘাট বিধানসভা সমষ্টিৰ ভোটগণনা ১৮ ৰাউণ্ডত সমাপ্ত হ’ব ৷ একেদৰে বোকাজান বিধানসভা সমষ্টিৰ বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষ্টং ৰোমত ১৫ ৰাউণ্ড ভোটগণনা হ’ব ৷
হাফলং বিধানসভা সমষ্টিৰ হাফলং উপায়ুক্ত কাৰ্যলয়ৰ ষ্টং ৰোমত ১৯ ৰাউণ্ড ভোটগণনা হ’ব ৷ একেদৰে পশ্চিম কাৰবি আংলং জিলাৰ আমৰি আৰু ৰংখাং বিধানসভা সমষ্টিৰ ১৫ ৰাউণ্ডকৈ ভোটগণনা হ’ব ৷ ডিফু লোক সভা সমষ্টিত মুঠ ৯০১০৩২ গৰাকী ভোটাৰৰ বিপৰীতে সমষ্টিটোত মুঠ ৬৮২৪৪১ ভোটাৰে ভোটদান কৰে ৷ ভোটদানৰ শতকৰা হাৰ আছিল ৭৫’৭৪ শতাংশ ৷













