ASSAM TIMES POST
নগাঁওঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে সমগ্র ৰাজ্য উত্তাল হৈ থকাৰ সময়তে আহি পালেহি অসমীয়াৰ আদৰৰ ভোগালী বিহুটো। বিহুটিক আদৰাৰ প্ৰস্তুতিত আনকি প্ৰতিফলিত হৈছে অসমীয়াৰ ‘কা’ বিৰোধী মানসিকতা।
অসমীয়াৰ অতিকৈ চেনেহৰ আৰু আদৰৰ ভোগালী বিহুলৈ মাজত মাত্ৰ আৰু দুটামান দিন বাকী থকা অৱস্থাত গাঁৱে-ভুঁঞে, নগৰে-চহৰে ভোগালী বিহুক আদৰাৰ প্ৰস্তুতি চলিব ধৰিছে ।এই ভোগালী বিহুৰ লগত চহা খেতিয়কৰ আছে এক নিবিড় সম্পৰ্ক। পথাৰৰ পৰা সোনগুটি চপাই এতিয়া গঞা ৰাইজ যেন ব্যস্ত হৈ পৰিছে ভোগালী বিহুক আদৰিবলৈ। ভোগৰ উৎসৱ ভোগালী বিহুৰ উৰুকাৰ নিশা মেজি অথবা ভেলাঘৰত ভোজভাত খোৱাৰ যি পৰম্পৰা আছে, সেই পৰম্পৰাৰে নগাঁও জিলাৰ বেবেজীয়াৰ বাংথাই গাওঁবাসীও এতিয়া ব্যস্ত ভেলাঘৰ বনোৱাত।
সমগ্ৰ ৰাজ্যতে চলা ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতাৰ বিপৰীতে ‘কা’ বিৰোধী প্ৰতিবাদেৰে অসমৰ মানচিত্ৰৰ আৰ্হিত বেবেজীয়াৰ বাংথাই গাঁৱৰ ডেকা সকলে নিৰ্মাণ কৰি উলিয়াইছে এটি ব্যতিক্ৰমী ভেলাঘৰ। খেৰ অাৰু বাঁহেৰে অসমৰ মানচিত্ৰ, মানচিত্ৰৰ ওপৰত হাতত হেংদাঙ লৈ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আৰু মানচিত্ৰৰ তলতে ‘কা” আমি নামানো”,জয় আই অসম আদি বিভিন্ন বাক্য লিখি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ভেলাঘৰটো নিৰ্মাণ কৰিছে।উল্লেখ্য, অসমৰ ৰাইজৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে জাপি দিয়া নাগৰিকত্ব সংশোধনী আইন কোনোপধ্যে মানি লব নোখোজে অঞ্চলটোৰ ৰাইজে। সেয়ে ‘কা বিৰোধিতাৰে ভেলাঘৰটো নিৰ্মাণ কৰি উলিয়াইছে বাংথাই গাঁৱৰ যুৱকসকলে।













