![]()
আজি বিয়লি কাৰ্বি আংলং জিলাৰ বৰপথাৰ আৰক্ষীয়ে তালাচী অভিযান চলাই কেইবা কোটি টকাৰ হেৰʼইনসহ এখন আই২০ বাহন জব্দ কৰাৰ লগতে এটা সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য অনুসৰি, আজি বিয়লি বৰপথাৰ থানাৰ অন্তৰ্গত খকৰাজানত আৰক্ষীয়ে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত চলোৱা নিয়মীয়া তালাচীৰ সময়তে লাহৰীজানৰ পৰা গোলাঘাট অভিমুখে গৈ থকা হুণ্ডাই এএছ-০২-কিউ-৩৪৪৯ নম্বৰৰ আই২০ বাহনখনত তালাচী চলাই ৯০ টা প্লাষ্টিকৰ চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ১০০৫.১৫ গ্ৰাম হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয়।

জব্দ হোৱা হেৰʼইনখিনি বাহনখনৰ দুয়োফালে সন্মুখৰ আসনৰ তলৰ ʼবডীʼ অংশত বিশেষ কৌশলেৰে কাটি গোপন চেম্বাৰ সাজি সৰবৰাহৰ চেষ্টা কৰা হৈছিল। জব্দ হোৱা হেৰʼইনখিনিৰ বজাৰমূল্য কমেও প্ৰায় সাত কোটি টকা। এই সন্দৰ্ভত আৰক্ষীয়ে হোজাই জিলাৰ মোৰাঝাৰৰ আমিৰ হুছেইন নামৰ সৰবৰাহকাৰীটোক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে। কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱা ঘটনাস্থলীত উপস্থিত হৈ ধৃত সৰবৰাহকাৰীটোক জেৰা অব্যাহত ৰাখিছে।












