ASSAM TIMES POST
কাজিৰঙা সমন্বয় ক্ষেত্ৰৰ পৰা অজন্তা তালুকদাৰঃ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে জীপাল হৈ উঠিছে সম্প্ৰতিৰ সমন্বয় ভূমি বোকাখাত মহকুমাৰ কমাৰগাঁৱৰ বৰদিহিঙ্গীয়া মহুৰা পথাৰ। এই পৱিত্ৰ স্থানতে নিৰ্মীয়মান কাজিৰঙা ঐতিহ্য ক্ষেত্ৰত অনাগত ৫ ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব লগীয়া ৮৯ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বোকাখাত অধিবেশনৰ প্ৰস্তুতি এতিয়া তুংগত। ২ কোটি ৮০ লাখ টকীয়া বাজেটৰ অনাগত বোকাখাত অধিবেশনৰ প্ৰস্তুতিৰ প্ৰায় পঞ্চাশ শতাংশ কাম সম্পূৰ্ণ হৈছে বুলি জানিব পৰা গৈছে।
নৰা কাটি অধিবেশনৰ বাবে প্ৰায় ১৮০০ বিঘা মাটি জোৰা বিস্তৃত পথাৰ প্ৰস্তুত কৰি তুলিছেহি বিভিন্ন গাওঁ, অঞ্চলৰ পৰা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অহা আই-মাতৃ, যুৱক-যুৱতী ভকত বৈষ্ণৱে। শংকৰ আজানৰ পৱিত্ৰ ভূমি অসমতে দেখিবলৈ পোৱা যায় এনে সাম্প্ৰদায়িক সম্প্ৰীতিৰ সুন্দৰ উদাহৰণ। সমূহ ভকত বৈষ্ণৱে দশোদিশ মুখৰিত কৰি গোৱা হৰি নাম-গুণৰ লগতে উল্লেখনীয়ভাৱে জিকিৰ-জাৰি আৰু শংকৰ-আজানৰ গুণ গান কৰি নৰা কাটি এই প্ৰস্তুতিত শ্ৰম দান কৰি হাত উজান দিছেহি ৰঙামাটিৰ পৰা কাজিৰঙা পৰ্যন্ত ১২ খন জামাতৰ সমূহ ইছলাম ধৰ্মালম্বী লোকেও। শ্ৰীমন্ত শঙ্কৰদেৱৰ সংঘৰ ৮৯ সংখ্যক অধিবেশনলৈ সহযোগিতাৰে সেৱা আগবঢ়াবৰ বাবে উক্ত ১২ খন ইছলাম ধৰ্মী জামাতে গঠন কৰি লৈছে এক সমন্বয় ৰক্ষী সমিতি। উল্লেখ্য যে দেৰগাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী মুন্না আহমেদে অনাগত অধিবেশনক প্ৰাধান্য কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘ অনুষ্ঠানটিলৈ এখন ছয় চকীয়া ট্ৰাক দান কৰি আগবঢ়োৱা সেৱাক সমগ্ৰ অসমৰ ৰাইজে আদৰণি জনাইছে। সাম্প্ৰতিক সময়ৰ উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ এতিয়া এনেকৈয়ে ধৰ্মীয় অনুষ্ঠানৰ পৰা এক বৃহৎ সামাজিক সাংস্কৃতিক সমন্বয়ৰ অনুষ্ঠানলৈ পৰ্যবসিত হৈছে।
কাজিৰঙাৰ শিল্পী বিনোদ গগৈয়ে নিজ হাতে নিৰ্মাণ কৰি দান কৰিব লগীয়া গুৰু আসন নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠাৰ পথত। অহা ২ মাঘ, ১৬ জানুৱাৰীত প্ৰতিষ্ঠা হ’ব অধিবেশনৰ মূল গুৰু আসন আৰু লগতে নামঘৰ লোৱা কাৰ্যসূচীও সম্পন্ন কৰা হ’ব। যোৱা ২ জানুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য পতাকাৰ বেদী স্থাপন কৰে আদৰণি সমিতিৰ সমন্বয়ক পৱিত্ৰ প্ৰাণ বৰাই। মুখ্য পতাকাৰ লগতে আৰু ৫৫ খন পতাকা থাকিব বুলি জানিব পৰা গৈছে। ৰাষ্টা পদূলিৰ নিৰ্মাণৰ কাম প্ৰায় ৭০ শতাংশ আগবাঢ়িছে। অধিবেশনলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধি, ভকত বৈষ্ণৱৰ খাদ্য যোগানৰ বাবে ইতিমধ্যে প্ৰায় ৫০/৬০ বিঘা জোৰা মাটিত উৎপাদন কৰা ভিন্ন প্ৰকাৰৰ কৃষিও পৈণত হৈ সাজু হোৱাৰ পথত।
যোৱা ৮ জানুৱাৰীত কাজিৰঙা উন্নয়ন আৰু জীপ চাফাৰী সন্থাৰ সভাপতি তুলসী বৰদলৈৰ নেতৃত্বত এটি দলে কাজিৰঙা ঐতিহ্য ক্ষেত্ৰত উপস্থিত হৈ অধিবেশনৰ প্ৰস্তুতিত শ্ৰম দান কৰাৰ লগতে অনাগত অধিবেশনলৈ দান-বৰঙণি আগবঢ়োৱা আৰু অধিবেশনলৈ অহা ইচ্ছুক ভকত বৈষ্ণৱলৈ ৫০ শতাংশ ৰেহাই মূল্যত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন তথা ভকত বৈষ্ণৱক ৰাত্ৰি যাপন, কাজিৰঙাত অতিথি সুশ্ৰুষাৰ সুবিধা আৰু বিদেশী পৰ্যটকক আকৰ্ষণ কৰি অধিবেশন থলীলৈ অনাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে। গতিকে কাজিৰঙা জীপ চাফাৰী সন্থাৰ এনে প্ৰচেষ্টাত অনাগত ৮৯ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বোকাখাত অধিবেশনথলী বিদেশী পৰ্যটেকেৰে ভৰপূৰ হ’ব বুলি উদ্যোক্তাৰ লগতে স্থানীয় ৰাইজও আশাবাদী।












