ASSAM TIMES POST
বিভাস দুৱৰা,ডিব্ৰুগড় : ডিব্ৰুগড়ৰ এগৰাকী স্বনামধন্য,বিশিষ্ট শিক্ষাবিদ যোগেন্দ্ৰ নাথ চেতিয়াৰ(৯০)আজি পুৱতি নিশা ৪:৩০ বজাত পৰলোকপ্ৰাপ্তি হয়।ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ নিবাসী শিক্ষাবিদগৰাকীয়ে ১৯৪৯ চনত বেনাৰচ হিন্দু বিশ্ব বিদ্যালয়ৰ পৰা কলা বিভাগত উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ জয়সাগৰ কলেজৰ পৰা ইংৰাজীত স্নাতক ডিগ্ৰী গ্ৰহন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহন কৰে ১৯৬০ চনত।
লক্ষীমপুৰ মহাবিদ্যালয়ত শিক্ষকতা কৰাৰ লগতে এগৰাকী সমাজ সেৱকৰ লগতে হাঁহচৰা হাইস্কুল আৰু গড়গাঁও কলেজৰ প্ৰতিস্থাপক সদস্য আছিল।তাৰোপৰি জন বেৰী হোৱাইট মেডিকেল কলেজৰ অন্তৰ্গত নৰ্থ ইষ্ট ফাৰ্মাছী ইনচটিটিউত গঠনত ১৯৬২ চনৰ ফেব্ৰুৱাৰী মাহত বিশেষ ভূমিকা গ্ৰহন কৰিছিল।
সমগ্ৰ জীৱন শিক্ষা বিয়পাই সকলোৰে মাজত অতি শলাগৰ পাত্ৰ হৈ পৰিছিল প্ৰয়াত চেতিয়া।মৃত্যৰ সময়ত পত্নী মীৰা চেতিয়াৰ লগতে দুই পুত্ৰ সঞ্জীব চেতিয়া আৰু সঞ্জয় চেতিয়াৰ লগতে দুই বিবাহিত জীয়ৰী শান্তনা চেতিয়া,সঞ্চয়িতা চেতিয়াসহ বোৱাৰী আৰু সাত নাতি-নাতিনীৰ লগতে জ্ঞাতি-কুতুম আৰু বহু শুভাকাংশীক ইহসংসাৰত এৰি থৈ যায়।খগেন্দ্ৰ নাথ চেতিয়াৰ মৃত্যুত অসম আহোম সভা আৰু টাই শিক্ষা সাংস্কৃতিক কেন্দ্ৰই গভীৰ শোক প্ৰকাশ কৰিছে।













